ETV Bharat / state

Elephant Attack in Goalpara: হাতীৰ গচকত প্ৰাণ হেৰুৱালে কিশোৰীয়ে - Elephant attack minor girl in Goalpara

গোৱালপাৰা অব্যাহত হাতী মানুহৰ সংঘাত । পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী কিশোৰী (Elephant attack kills girl in Goalpara) । নিহত কিশোৰীগৰাকীৰ নাম নীলিমা খাতুন । চকু মুদা কুলিৰ ভাৱত বনবিভাগ ।

হাতীৰ গচকত প্ৰাণ হেৰুৱালে কিশোৰীয়ে
Girl killed in wild elephant attack in Goalpara
author img

By

Published : Apr 11, 2023, 6:38 PM IST

হাতীৰ গচকত প্ৰাণ হেৰুৱালে কিশোৰীয়ে

গোৱালপাৰা, ১১ এপ্ৰিল: ৰাজ্যজুৰি অব্যাহত হাতী-মানুহৰ সংঘাত । প্ৰায় প্ৰতিদিনেই হাতী-মানুহৰ সংঘাতত জীৱন-সম্পত্তি হেৰুৱাইছে সাধাৰণ জনতাই । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোৱালপাৰাতো পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তীৰ উপদ্ৰৱে (Wild elephant attack in Goalpara) । পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে ।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ বোৱালমাৰী গাঁৱত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে (Elephant attack minor girl in Goalpara) । গোৱালপাৰাৰ জিলাৰ বগুৱানৰ বোৱালমাৰী গাঁৱত সংঘটিত হয় এই কৰুণ ঘটনা । সোমবাৰে নিশা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে তাণ্ডৱ চলায় গাঁওখনত । হাতীৰ জাকটোৱে নীলিমা খাতুনৰ বাৰীত সোমাই তামোল গছ খাই তহিলং কৰাৰ উপৰিও বাসগৃহত আক্ৰমণ চলাই । ফলত হাতীৰ গচকত প্ৰাণ হেৰুৱাই নীলিমা খাতুন নামৰ এগৰাকী কিশোৰীয়ে ।

উল্লেখ্য যে, কোনোমতে পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ আন আন সদস্যসকলে । বৰ্তমান গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, লক্ষীপুৰ আঞ্চলিক বনবিভাগক খবৰ দিলেও গুৰুত্ব নিদিয়ে আঞ্চলিক বনবিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে ।

লক্ষ্যণীয় যে, অসমৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত এতিয়াও অব্যাহত আছে (Man Elephant Conflict in Assam)। খাদ্যৰ সন্ধানত বহু সময়ত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে জাকে জাকে হাতী । পৰিপ্ৰেক্ষিতত হাতীৰ জাকে ক’ৰবাত যদি মাটিৰ ঘৰ ভাঙিছে ক’ৰবাত আকৌ পকী ঘৰো ভাঙিছে ৷ আন ক’ৰবাত আকৌ খাই তহিলং কৰিছে খেতি-পথাৰকে আদি কৰি বাৰীৰ ফচল ৷ সমান্তৰালভাৱে বন্যহস্তীৰ আক্ৰমণত বহু লোক নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো (Wild Elephant Attack In Assam) ৷

লগতে পঢ়ক: Crime against women : বিগত প্ৰায় 8 বছৰত ৰাজ্যত ঘটিছে 1 লাখৰো অধিক নাৰীজনিত অপৰাধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.