গোৱালপাৰা, 13 অক্টোবৰঃ গোৱালপাৰা জিলা কংগ্ৰেছ কমিতিৰ সংখ্যালঘু বিভাগৰ উদ্যোগত আজি গোৱালপাৰা জিলা কংগ্ৰেছ ভৱনত এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায। উক্ত সভাৰ সভাপতিত্ব কৰে জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ জুলফিকৰ আলি ভূট্টই। সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এ পি চি চিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ চলমান খান আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক।
সভাত উপস্থিত থকা কেবা শতাধিক কংগ্ৰেছ কৰ্মীক আগন্তক নিৰ্বাচনৰ বাৱে কিদৰে মাৰ বান্ধি থিয় হৈ বিজেপিক পৰাস্ত কৰিব সেই বিষয়ে ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেতা সকলে। লগতে সাংসদ আব্দুল খালেকে কয় যে,হিমন্ত বিশ্ব শৰ্মাই ঘৃণাৰ সভ্যতা আৰম্ভ কৰিছে। কিন্তু আমি সিন্ধু নদীৰ দৰে সভ্যতা আৰম্ভ কৰিম। মহাজোঁট বন্ধনৰ ক্ষেত্ৰটো সাংসদ গৰাকীয়ে কয় বিজেপিক উৎখাত কৰিবৰ বাবে আমি সকলো দল একত্ৰিত হ'বলৈ আহ্বান জনাইছো।
লগতে চাওকঃ নুনমাটিৰ চেক্টৰ 1-ত ভূমিস্খলন