গোৱালপাৰা,১১ জুন: গোৱালপাৰা জিলাৰ লক্ষীপুৰত ন্যায্য প্ৰাপ্তিৰ দাবীত আশাকৰ্মীৰ তীব্ৰ প্ৰতিবাদ(Ashakarmi protest at Goalpara) । বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰায় শতাধিক আশা কৰ্মীয়ে ।
কামৰ উপযুক্ত মজুৰি বিচাৰি সাব্যস্ত কৰে এই প্ৰতিবাদ । আশাকৰ্মী জিন্দাবাদ, আমাক মজুৰিৰ পৰা বঞ্চিত কৰা নচলিব, আমাৰ মজুৰি মোকলাই দিয়ক, মৃত্যু হোৱা আশা কৰ্মীৰ পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে লক্ষীপুৰৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদী আশা কৰ্মী সকলে ।
উল্লেখযোগ্য যে দিন ৰাতি একাকাৰ কৰি কাম কৰাৰ পিছতো বিগত পাঁচ মাহৰ পৰা মজুৰি লাভ কৰা নাই আশাকৰ্মীসকলে । যাৰ ফলত ক্ষোভিত হৈ পৰিছে আশা কৰ্মী সকল । সেয়ে শনিবাৰে সমদল উলিয়াই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আশাকৰ্মীসকলে ।
উল্লেখযোগ্য যে লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা সমদল উলিয়াই লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ পাঁচদফীয়া দাবীৰে লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ।
লগতে পঢ়ক: অংগনৱাড়ী কেন্দ্ৰই একোটা অঞ্চলৰ সৌন্দৰ্যবৰ্ধন কৰে: যোগেন মহন