গোৱালপাৰা, 15 আগষ্টঃ পশ্চিম গোৱালপাৰাৰ বগুৱানত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এক স্বচ্ছতা অভিযান কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ৷ পতাকা উত্তোলনৰ পাছতেই বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছফিকুল ইছলাম,বগুৱান গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী দেৱীৰ আহ্বানত এছ এছ বিৰ জোৱান সহ বগুৱানৰ একাংশ ৰাইজ ওলাই আহি বগুৱান বজাৰৰ লগতে ওচৰৰ বজাৰ এলেকাতো চাফাই অভিযান চলায় । এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ ৰাজহুৱা স্থান সমূহ চাফ চিকুন কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় আৰক্ষী বিষয়া ছফিকুল ইছলামে ।
গোৱালপাৰাত স্বচ্ছতা অভিযান কাৰ্যসূচী - গোৱালপাৰা
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এক স্বচ্ছতা অভিযান কাৰ্য্যসূচী ৰূপায়ন কৰা হয় গোৱালপাৰা জিলাত ৷ আৰক্ষী বিষয়া আৰু গাওঁ পঞ্চায়তৰ সভাপতিৰ আহ্বানত এই কাৰ্যসূচী ৷
গোৱালপাৰা, 15 আগষ্টঃ পশ্চিম গোৱালপাৰাৰ বগুৱানত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এক স্বচ্ছতা অভিযান কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ৷ পতাকা উত্তোলনৰ পাছতেই বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছফিকুল ইছলাম,বগুৱান গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী দেৱীৰ আহ্বানত এছ এছ বিৰ জোৱান সহ বগুৱানৰ একাংশ ৰাইজ ওলাই আহি বগুৱান বজাৰৰ লগতে ওচৰৰ বজাৰ এলেকাতো চাফাই অভিযান চলায় । এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ ৰাজহুৱা স্থান সমূহ চাফ চিকুন কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় আৰক্ষী বিষয়া ছফিকুল ইছলামে ।
পশ্চিম গোৱালপাৰা ।