গোৱালপাৰা, 20 জুন : আপোনালোক সকলোৱে নিশ্চয় ভাইটি মিউজিক নামৰ YouTube চেনেলটোৰ ভ্লগ উপভোগ কৰিছে ৷ এই চেনেলটোৰ স্বত্বধিকাৰী মুস্তাফিজুৰ ৰহমান (YouTuber Mustafizur in controversy)৷ অভিযোগ মতে, নাৰীৰ প্ৰতি বিশেষভাৱে দুৰ্বল মুস্তাফিজুৰ ৷ বিবাহিতা মহিলাকো বশ কৰিব পাৰে প্ৰেমৰ সন্মোহনীৰে ৷ YouTube চেনেলত কাম আৰু অভিনয় কৰিবলৈ মাতি আনি যুৱতী-মহিলাৰ সৈতে হেনো প্ৰেমাভিনয় আৰম্ভ কৰে মুস্তাফিজুৰে ৷
প্ৰথমে চিনাকী হয় চ’ছিয়েল মিডিয়াত ৷ তাৰ পাচতে মেছেজতে দিয়ে মালামাল কৰি দিয়াৰ প্ৰলোভন ৷ সহজতে বহু ধন আজিৰ যুগত কাকনো নালাগে ৷ মহিলাসকলো প্ৰলোভিত হয় এই প্ৰস্তাৱত ৷ তাৰ পাচতেই সেই মহিলা-যুৱতীক লগ ধৰে মুস্তাফিজুৰে ৷ তাৰ পাচতেই আৰম্ভ হয় প্ৰেমাভিনয় ৷ গাড়ী-ঘৰ-কেৰিয়াৰ আদি অনেক প্ৰলোভন দি মহিলাসকলৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰে মুস্তাফিজুৰে ৷ নিজকে অবিবাহিত বুলি দাবী কৰা মুস্তিফিজুৰে অৱশ্যে দুবাৰকৈ বিয়া কৰাইছে ৷ এই কথা ধৰা পেলালে মুস্তাফিজুৰৰ প্ৰেমৰ জালত বন্দী হোৱা এগৰাকী মহিলাই (YouTuber Mustafizur of Goalpara)৷
জানিব পৰা মতে, বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুস্তাফিজুৰ চিনাকী হৈছিল এই মহিলাগৰাকী সৈতে ৷ তেওঁৰ সৈতে অবৈধভাৱে সম্পৰ্ক চলাই যোৱাৰ পাচত যোৱা কিছুদিন ধৰি ফালৰি কাটিবলৈ লৈছিল মুস্তাফিজুৰে ৷ সম্পৰ্কত ফাট মেলাৰ পিছত মহিলা গৰাকীয়ে মুস্তাফিজুৰ বিবাহিত বুলি জানি ভাগি পৰে । মহিলাগৰাকীয়ে মুস্তাফিজুৰক বিয়া পতাৰ কথা কোৱাত মহিলা গৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলিও অভিযোগ তুলিছে মহিলা গৰাকীয়ে Allegation on cheating against popular Youtuber Mustafizur)।
আনকি বিভিন্ন সময়ত পিষ্টল দেখুৱাই, গুণ্ডাবাহিনী লগাই মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰি আহিছে বুলিও অভিযোগ কৰে মহিলাগৰাকীয়ে । অৱশেষত, যোৱা ১১ জুন তাৰিখে আইনৰ কাষ চাপে যদিও আৰক্ষীয়ে ওলোটাই মহিলা গৰাকীক জবাবদিহি কৰা বুলি অভিযোগ তোলে ।
উপায়ন্তৰ হৈ যোৱা নিশা ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি সাংবাদিকৰ কাষ চাপি সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলত মুস্তাফিজুৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য দি কয় যে, কেইবাগৰাকী ছোৱালীক ভাইটি মিউজিকত কাম দিয়াৰ নামত অবৈধ সম্পৰ্ক কৰি আহিছে মুস্তাফিজুৰে । অনাগত দিনত মহিলা গৰাকীয়ে যদি আৰক্ষীৰ পৰা ন্যায় নাপায় তেন্তে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ যোৱাৰ কথাও উল্লেখ কৰে ৷ এইক্ষেত্ৰত অৱশ্যে কোনো মতামত প্ৰকাশ কৰা নাই অভিযুক্ত মুস্তাফিজুৰ কিম্বা আৰক্ষীয়ে ৷
জনপ্ৰিয় YouTuber জনৰ বিৰুদ্ধে এই ধৰণৰ ভয়ংকৰ অভিযোগ উত্থাপন হোৱাত তেওঁৰ অনুৰাগীসকলো আচৰিত হৈ পৰিছে ৷ সঁচাকৈয়ে মুস্তাফিজুৰে প্ৰলোভনেৰে সংঘটিত কৰিছে নেকি এনে কাণ্ড ৷ কিয় এগৰাকী মহিলাই হঠাৎ এইদৰে আৰক্ষীৰ কাষ চাপি মুস্তাফিজুৰৰ বিৰুদ্ধে তুলিলে ভয়ংকৰ অভিযোগ ? এই ৰহস্যৰ ওৰ পৰিব পৰৱৰ্তী সময়ত ৷
লগতে পঢ়ক : আলফাক সমৰ্থন জনাই ৰঙাঘৰত উদীয়মান খেলুৱৈ