ETV Bharat / state

Assam weather report: ডিমা হাছাও জিলাত পাঁচ দিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ

author img

By

Published : Jun 13, 2023, 9:48 AM IST

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত পাঁচ দিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ । বতৰ বিজ্ঞান কেন্দ্ৰই ডিমা হাছাও জিলাত আগন্তুক 10 দিন প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে বুলি হাই এলাৰ্ট জাৰি কৰাৰ পিচতে 13 জুনৰ পৰা 17 জুন লৈকে পাঁচ দিনৰ বাবে ডিমা হাছাও জিলাত সকলো বিদ্যালয় বন্ধ ঘোষণা কৰে জিলা প্ৰশাসনে ।

Schools will remain close for five days
পাঁচ দিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা

হাফলং, 12 জুন : সোমবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই দুৰ্যোগ প্ৰশমন বিভাগ আৰু সংশ্লিষ্ট সকলো বিভাগৰ লগতে বৈঠক কৰাৰ পিচতে 13 জুনৰ পৰা পাঁচ দিনলৈ বিদ্যালয় বন্ধ ঘোষণা কৰে জিলাখনৰ শিক্ষা বিভাগে । পাহাৰীয়া জিলাখনৰ হাফলং মাহুৰ হাৰেংগাজাও আৰু জিলাৰ ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হয় । দেওবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই ডিমা হাছাও জিলাত অহা 10 দিন প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে বুলি আগজাননী দিয়াৰ পিচতে ডিমা হাছাও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমন বিভাগে সমগ্ৰ জিলাত হাই এলাৰ্ট জাৰি কৰে ।

Schools will remain close for five days
পাঁচ দিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা

ইতিমধ্যে জিলা প্ৰশাসনে সাধাৰণ মানুহক স্পৰ্শকাতৰ আৰু ভূমিস্খলন অঞ্চললৈ নাযাবৰ বাবে আহ্বান জনাইছে । ইতিমধ্যে জিলা প্ৰশাসনে তিনিটাকৈ হেল্প লাইন নম্বৰ মুকলি কৰিছে । নম্বৰসমূহ হ’ল 03673 236324 03673 1077 94355 30412 ৷ ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসে জানিবলৈ দিয়ে যে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচতে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈ উঠিছে ডিমা হাছাও জিলা প্ৰশাসন । ইতিমধ্যে পাহাৰীয়া জিলাৰ পাঁচটা ব্লকৰ বিডিঅ’ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ফিল্ড অফিচাৰসকলক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে ।

উপায়ুক্ত সীমান্ত কুমাৰ দাসে লগতে জানিবলৈ দিয়ে যে জিলাখনত 40 টাকৈ আশ্ৰয় শিবিৰ ঠিক কৰা হৈছে ৷ ইয়াৰ উপৰিও পাহাৰীয়া জিলাখনৰ হাফলং, উমৰাংচো, মাইবাং আৰু হাৰেংগাজাও এই চাৰিখন ঠাইত খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত কৰি ৰখাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগক নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক : Guwahati Water pipe explosion: জনৰোষত পৰাৰ ভয়ত পুৱাই জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী সিংহলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.