ডিমা হাছাও, 2 জুন : বিগত বহু দিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত অব্যাহত আছে ভয়ংকৰ ভূমিস্খলন ৷ ইতিমধ্যে ভূমিস্খলনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু কেইগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হৈছে ৷
মংগলবাৰে পুনৰ ভূমিস্খলনৰ বাবে লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ মাইবাং আৰু মুপাৰ মাজত 500 মিটাৰ এলেকা ৰেল লাইনত মাটি খহি পৰি যাতায়ত ব্যাহত হৈ পৰে ৷ ইফালে ঘটনাস্থলী পৰ্যবেক্ষণৰ বাবে মালিগাঁৱৰ পৰা এখন বিশেষ ৰে'লৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনাস্থলী পৰ্যবেক্ষণ কৰে ৷
উত্তৰ পূব সীমান্ত ৰে'লৱেৰ জনসংযোগ বিষয়া নৃপেন ভট্টাচাৰ্যই জানিবলৈ দিয়া অনুসৰি, মাইবাং আৰু মুপাৰ মাজত ভূমিস্খলনৰ ফলত পাহাৰ লাইনত অনিৰ্দিষ্টকালৰ বাবে ৰে'ল চলাচল বন্ধ হৈ পৰে ।
ইপিনে ব্যাহত যাতায়তৰ বাবে আগৰতলা নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ গাড়ীখন বদৰপুৰৰ পৰা ঘূৰাই পঠোৱা হয় আগৰতলা লৈ । আনহাতে, ভৈৰবীৰ পৰা বিহাৰ অভিমুখী যোৱা শ্ৰমিক ৰেলগাড়ী বদৰপুৰৰ পৰা ঘূৰাই পঠোৱা হয় । একেলগে আগৰতলা আৰু জিৰিবাম অভিমুখী যোৱা দুখন শ্ৰমিক ৰেলগাড়ী গুৱাহাটী আৰু লামডিং ষ্টেচনত নিয়ন্ত্ৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে নৃপেন ভট্টাচাৰ্যই ৷
লগতে পঢ়ক : দেৱাশীষ হত্যাকাণ্ডঃ গাভৰু চাহ বাগিচাৰ পৰা তিনি জনক আটক