ETV Bharat / state

শিক্ষাৰ ক্ষেত্ৰত কঠোৰ নীতি ডিমা হাছাও প্ৰশাসনৰ !

author img

By

Published : Jun 8, 2019, 11:34 PM IST

গাঁৱৰ বিদ্যালয়ত শিক্ষাদানৰ অনীহা আৰু চহৰত থাকি দিন অতিবাহিত কৰা শিক্ষক সকলোকে এতিয়া গাঁৱত যিবিলাক নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষক নাই সেইবিলাক বিদ্যালয়ত এতিয়া বদলি কৰা হৈছে । এতিয়াৰ পৰা গাঁৱৰ বিদ্যালয়ত শিক্ষক অনুপস্থিত থাকিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগৰ পৰা লোৱা হ'ব কঠোৰ ব্যৱস্থা ৷

বিদ্যালয়ত শিক্ষক অনুপস্থিত থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ!

ডিমা হাছাও, 8 জুন: ডিমা হাছাও জিলাত ক্ৰমাৎ শোচনীয় হৈ পৰিছে প্ৰাথমিক শিক্ষা ব্যৱস্থা । শিক্ষকৰ অভাৱত বন্ধ হৈ পৰিছে বহু কেইখন নিম্ন প্ৰাথমিক বিদ্যালয় ৷ বাতৰি প্ৰকাশ পোৱাৰ পাছতহে গা-লৰিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ ও জিলাৰ স্বাস্থ্য বিভাগৰ । পাহাৰীয়া জিলাৰ গাঁৱত বিভিন্ন অজুহাতে শিক্ষক শিক্ষয়ত্ৰীৰ অনুপস্থিতিৰ ফলত শিক্ষা ব্যৱস্থা শোচনীয় হৈ পৰিছে । এতিয়াৰ পৰা গাঁৱৰ বিদ্যালয়ত শিক্ষক অনুপস্থিত থাকিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগৰ দ্বাৰা লোৱা হ'ব কঠোৰ ব্যৱস্থা ৷ উল্লেখ্য যে, বিগত 29 মে' ইটিভি ভাৰতত বাতৰি প্ৰকাশ পাইছিল ডিমা হাছাওৰ মাইবাং মহকুমাৰ অন্তৰ্গত ৰংফাংদিছা শিৱৰাইদিছা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা ৷ উল্লেখ্য যে, দুয়োখন বিদ্যালয়তে বিগত তিনি মাহৰ পৰা বন্ধ হৈ আছে শিক্ষাদান কাৰ্য ৷ তাৰ পাছতেই গা-লৰিল শিক্ষা বিভাগৰ । আনহাতে, এতিয়া ডিমা হাছাওৰ গাঁৱৰ যি সমূহ বিদ্যালয়ত শিক্ষকৰ অভাৱত শিক্ষাদান কাৰ্য বন্ধ হৈ আছে তেনে বিদ্যালসমূহলৈ শিক্ষক বদলিৰ কাম আৰম্ভ কৰিছে জিলাৰ শিক্ষা বিভাগে । পাহাৰীয়া জিলাৰ প্ৰাথমিক স্তৰত শিক্ষাৰ মানদণ্ড ঘূৰাই অনাৰ ক্ষেত্ৰত এতিয়া কোনো আপোচ নকৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই ।

Intro:ডিমা হাছাও ৮ জুন: ডিমা হাছাও জিলাত ক্ৰমাৎ শোচনীয় হৈ পৰিছে প্ৰাথমিক শিক্ষা ব্যৱস্থা। শিক্ষকৰ অভাৱত বন্ধ হৈ পৰিছে বহু কেইখন নিম্ন প্ৰাথমিক বিদ্যালয় এই বাতৰি প্ৰকাশ হোৱাৰ পিছত এতিয়া গা লৰিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ ও জিলাৰ স্বাস্থ্য বিভাগৰ। পাহাৰীয়া জিলাৰ গাঁওত বিভিন্ন অজুহাতে শিক্ষক শিক্ষয়ত্ৰীৰ অনুপস্থিতিৰ ফলত শিক্ষা ব্যৱস্থা শোচনীয় হৈ পৰিছে। গাওঁৰ বিদ্যালয়ত শিক্ষা দানৰ অনীহা আৰু চহৰত থাকি দিন অতিবাহিত কৰা শিক্ষক সকলোকে এতিয়া গাওঁত যি বিলাক নিম্ন প্ৰাথমিক বিদ্যালয়ত শিক্ষক নাই এই বিলাক স্কুলত এতিয়া বদলি কৰা হৈছে। এতিয়াৰ পৰা গাওঁৰ বিদ্যালয়ত শিক্ষক অনুপস্থিত থাকিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগৰ পৰা লোৱা হব কঠোৰ ব্যৱস্থা Body:যোৱা ২৯ মে ইটিভি ভাৰতত বাতৰি প্ৰকাশ পাইছিল ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ অন্তৰ্গত ৰংফাংদিছা শিৱৰাইদিছা নিম্ন প্ৰাথমিক বিদ্যালয় দুখনত বিগত তিন মাহৰ পৰা বন্ধ হৈ আছে শিক্ষাদান কাৰ্য তাৰ পিছতেই গা লৰিল শিক্ষা বিভাগৰ। Conclusion:এতিয়া ডিমা হাছাও জিলাৰ গাঁওৰ যি বিলাক বিদ্যালয়ত শিক্ষকৰ অভাৱত শিক্ষাদান কাৰ্য বন্ধ হৈ আছে। শিক্ষক বদলিৰ কাম আৰম্ভ কৰিছে জিলাৰ শিক্ষা বিভাগে। পাহাৰীয়া জিলাৰ প্ৰাথমিক স্তৰত শিক্ষাৰ মানদণ্ড ঘূৰাই অনাৰ ক্ষেত্ৰত এতিয়া কোন আপোচ ন কৰে উত্তৰ কাছাৰ পাৰ্বত্য সায়ত্ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.