ETV Bharat / state

ডিমা হাছাও জিলাত এনএচচিএন (কে)ৰ লিংকমেন গ্ৰেপ্তাৰ

author img

By

Published : May 15, 2021, 10:31 PM IST

ডিমা হাছাও জিলাত অস্ত্ৰ সহ গ্ৰেপ্তাৰ এনএচচিএন (কে) উগ্ৰপন্থী সংগঠনৰ এজন লিংকমেন। ডিমা হাছাও আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত লাইচঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এনএচচিএন (কে) উগ্ৰপন্থী সংগঠনৰ লিংকমেন জনক।

nscnk_linkman_arrested
ডিমা হাছাও জিলাত এনএচচিএন (কে)ৰ লিংক মেন গ্ৰেপ্তাৰ

ডিমা হাছাও, 15 মে’: গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ডিমা হাছাও জিলাৰ লাইচঙত ডিমা হাছাও আৰক্ষী আৰু অসম ৰাইফলছে শনিবাৰ পুৱা এক অভিযান চলাই লাইচঙৰ নিজ বাসগৃহৰ পৰা এনএচচিএন (কে) উগ্ৰপন্থী সংগঠনৰ লিংকমেন ইগাইনিং নিউমেক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

nscnk_linkman_arrested
ডিমা হাছাও জিলাত এনএচচিএন (কে)-ৰ লিংক মেন গ্ৰেপ্তাৰ

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এনএচচিএন উগ্ৰপন্থী সংগঠনৰ লিংকমেন জনে নাগালেণ্ডৰ পৰা অস্ত্ৰ আনি হাফলঙত এনচিএন সদস্যক সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল আৰু এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু অসম ৰাইফেলছ শনিবাৰে পুৱা অভিযানত নামি গ্ৰেপ্তাৰ কৰে লোক জনক।

গ্ৰেপ্তাৰ হোৱা লোক জনৰ পৰা এটা পিষ্টল সহ এক ৰাউণ্ড সজীৱ গুলী আৰু এটা মোবাইল হেণ্ডচেট জব্দ কৰে যুটীয়া বাহিনীয়ে । বৰ্তমানে ধৃত এনএচচিএন (কে) উগ্ৰপন্থী সংগঠনৰ লিংক মেন জনক লাইচং আৰক্ষী থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক: চিকাৎসালয়তে মৃত্যু ড্ৰাগছ আসক্ত যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.