ডিমা হাছাও, 30 অক্টোবৰ : অসমৰ পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে উমৰাংচু (Tourist spot Umrangsu) । উমৰাচুৰ প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউলি মাতে দেশী-বিদেশী পৰ্যটকসকলক । পাহাৰৰ মনোমোহা শোভা আৰু পৰিভ্ৰমী চৰাইৰ সমাহাৰে উমৰাচুক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে । যাৰ বাবে মনৰ প্ৰশান্তি বিচাৰি উমৰাংচুলৈ ঢপলিয়াই আহে পৰ্যটকসকল (best tourist spot of Assam Umrangsu) ।
অক্টোবৰ মাহৰ শেষৰ পৰাই অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচুলৈ পৰিভ্ৰমী অমুৰ ফেলকন পক্ষীৰ আগমন আৰম্ভ হৈছে (Umrangsu of Dima Hasao) । বৰ্তমান উমৰাংচুৰ চাৰিওফালে পৰিভ্ৰমী অমুৰ ফেলকন (Amur Falcon birds) পক্ষীৰ কলৰৱ ।
শনিবাৰে এই পৰিভ্ৰমী পক্ষীকুলক আদৰণি জনোৱাৰ বাবে ডিমা হাছাও জিলাৰ বন বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে তুংবুং গাঁৱত এক অনুষ্ঠানৰ আয়োজন কৰে (migration of Amur Falcon birds to Umrangsu) । উক্ত অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাচা, পৰিষদৰ সদস্য জয়ছিং দুৰোং আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকল ।
উক্ত অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ঘোষণা কৰে যে 15 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ফেলকন মহোৎসৱ (Falcon Festival of Umrangsu) । হাফলঙৰ পৰা 120 কিলোমিটাৰ দূৰৈত থকা উমৰাংচু তুংবুং গাঁৱৰ ওচৰতে থকা কপিলী হ্ৰদ আৰু গল্ফ খেলপথাৰত অনুষ্ঠিত হ'ব ফেলকন মহোৎসৱ ।
উল্লেখ্য, ডিমা হাছাও জিলাৰ উমৰাংচুত অক্টোবৰ মাহৰ শেষৰ পৰাই পৰিভ্ৰমী অমুৰ ফেলকন পক্ষীৰ আগমন ঘটে আৰু এই অমুৰ ফেলকন চাবলৈ উমৰাংচুত ভিৰ কৰেহি পৰ্যটকসকলে । বন বিভাগে দিয়া তথ্য মতে, অক্টোবৰ মাহৰ শেষৰ ফালৰ পৰা দক্ষিণ আফ্ৰিকা, পূব আফ্ৰিকা আৰু চাইবেৰিয়াৰ পৰা আৰাবিয়ান সাগৰ অতিক্ৰম কৰি অমুৰ ফেলকন পক্ষী আহে অসমৰ অন্যতম এই পাহাৰীয়া জিলাখনলৈ ।
প্ৰায় 40-50 দিন উমৰাংচুত থকাৰ পিছত তাৰ পৰা বিদায় লয় অমুৰ ফেলকন পক্ষীয়ে । এইবাৰ 15 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈকে তিনিদিনীয়াকৈ ফেলকন মহোৎসৱৰ আয়োজন কৰিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে ।
লগতে পঢ়ক :Fish hunting in Kokrajhar : কোকৰাঝাৰৰ ঐতিহাসিক তাৰং বিলত সমূহীয়া মৎস্য চিকাৰ