ডিমা হাছাও, 13 আগষ্ট : ডিমা হাছাও জিলাত যোৱা 24 ঘণ্টাত 29 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । ৰেপিড এন্টিজেন টেষ্টত ডিমা হাছাও জিলাত লাহে লাহে কৰ'না ভাইৰাছত আক্ৰান্ত ৰোগীৰ বৃদ্ধি পাইছে ।
ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 266 জনলৈ বৃদ্ধি হৈছে । ৰেপিড এন্টিজেন টেষ্টত ডিমা হাছাও জিলাৰ মানদাৰদিছা,ডিটেকচৰা,দিয়ুংমুখ চেকপোষ্ট, হাফলং আৰু উমৰাংচুত গাড়ী চালক, নিৰাপত্তা বাহিনীৰ লোক আৰু ব্যৱসায়ী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ।
ইপিনে ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত 266 গৰাকী ৰোগীৰ মাজত 195 গৰাকী ৰোগী আৰোগ্য লাভ কৰি হাফলং অসামৰিক চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি গৈছে । বৰ্তমানত 50 গৰাকী ৰোগীৰ হাফলং অসামৰিক চিকিৎসালয়ৰ আইচলেচ’নত চিকিৎসা চলাৰ বিপৰীতে জিলাৰ বাহিৰত 21 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে ।
লগতে পঢ়ক : আছুৱে প্ৰতিবেদন ৰাজহুৱা কৰাটো তেওঁলোকৰ নিজা সিদ্ধান্ত: বিপ্লৱ শৰ্মা