ডিমা হাছাও, 17 নৱেম্বৰঃ ডিমা হাছাও জিলাত বহিৰাগত মুছলমান সম্প্ৰদায়ৰ লোক সকলক প্ৰদান কৰা নহয় কোনো ধৰণৰ চৰকাৰী সা-সুবিধা ৷ এই কথা মুকলিকৈ ঘোষণা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ ৷ মঙলবাৰে হাফলঙত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি দেৱলাল গাৰ্লোচাই কয়,6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ডিমা হাচাওত মুছলমান সম্প্ৰদায়ৰ ভোটাৰৰ সংখ্যা প্ৰায় এহেজাৰ ৷ কিন্তু এই ক্ষেত্ৰত বহিৰাগত মুছলমান শ্ৰমিকসকলে ডিমা হাচাওৰ জনাজাতি ছোৱালীক বিয়া পাতি PRC আৰু ভূমিৰ পট্টা ল’ব বিচাৰিলে ইয়াৰ বিৰুদ্ধে ৰাইজ নিজে সজাগ হ’ব লাগিব ৷
কা বিৰোধী আন্দেলনৰ সময়ত বাহিৰৰ পৰা অহা মুছলমান সকলে কংগ্ৰেছৰ সাহসতেই সৰ্বানন্দ সোণোৱাল গ’ বেক,হিমন্ত বিশ্ব শৰ্মা গ’বেক,দেৱলাল গাৰ্লোচা গ’বেক ধ্বনি দিছিল বুলিও মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ বহিৰাগত মুছলমান সকলক সুৰক্ষা দিয়াত ব্যস্ত কংগ্ৰেছ দল ৷ ইয়াৰ বিপৰীতে বিজেপি দলে সদায় অসমৰ খিলঞ্জীয়া লোকসকলক ৰক্ষণাবেক্ষণ প্ৰদান কৰি আহিছে ৷
লগতে পঢ়ক-ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ 2020–21 বৰ্ষৰ নামভৰ্তি ঘোষণা