ETV Bharat / state

13 বছৰৰ পাছত পুনৰ চৰ্চাত পূৰ্নেন্দু, নিন্দুৰ হত্যাকাণ্ড - dhd juwel

2007 চনৰ 4 জুনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ তৎকালীন চিইএম পূৰ্নেন্দু লাংথাচা আৰু ইএম নিন্দু লাংথাচাক দীহাঙ্গী আৰক্ষী থানাৰ অন্তৰ্গত লাংলাই হাচনু গাঁওত গুলিয়াই হত্যা কৰিছিল উগ্ৰপন্থী সংগঠন ডিএইচডি জুয়েল গোটে ৷ 13 বছৰৰ পাছত শপতনামা দাখিলৰ নিৰ্দেশ আৰক্ষী তথা চৰকাৰক ৷

guwahati high court ordered assam police to file an affidavit on puranendu nindu murder case
13 বছৰৰ পাছত পুনৰ চৰ্চাত পূৰ্নেন্দু, নিন্দুৰ হত্যাকাণ্ড
author img

By

Published : Jun 5, 2020, 10:08 PM IST

ডিমা হাছাও , 5 জুনঃ 13 বছৰৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ত ডিমা হাছাও জিলাৰ বহু চৰ্চিত পূৰ্নেন্দু নিন্দু লাংথাচা হত্যাকাণ্ডৰ শপতনামা দাখিল কৰিলে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে , 2007 চনৰ 4 জুনত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ তৎকালীন চিইএম পূৰ্নেন্দু লাংথাচা আৰু ইএম নিন্দু লাংথাচাক দীহাঙ্গী আৰক্ষী থানাৰ অন্তৰ্গত লাংলাই হাচনু গাঁৱত গুলিয়াই হত্যা কৰিছিল উগ্ৰপন্থী সংগঠন ডিএইচডি জুয়েল গোটে ৷ এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ বৰ্তমান চিইএম দেৱলাল গাৰ্লচাৰ বিৰুদ্ধে ৷

guwahati high court ordered assam police to file an affidavit on puranendu nindu murder case
নিন্দু লাংথচাৰ পুত্ৰ ডেনিয়েল লাংথাচাই এই হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে গোচৰ

সম্প্ৰতি নিন্দু লাংথচাৰ পুত্ৰ ডেনিয়েল লাংথাচাই এই হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন গোচৰ দিয়াৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীক এই হত্যাকাণ্ডৰ শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল ৷ এই নিৰ্দেশৰ ভিত্তিতেই শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীয়ে ৷

শুকুৰবাৰে দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছে যে ,পূৰ্নেন্দু, নিন্দু হত্যাকাণ্ডত ঘটনাত জড়িত আছিল মিপুত ৰাজিয়ুং ওৰফে একচন ডিমাচা,দেৱলাল গাৰ্লচা ওৰফে ডেনিয়েল ডিমাচা, অতন হাপীলা ওৰফে ডাকু সিং ডিমাচা, সুব্ৰত থাওচেন ওৰফে পাইপৰাং ডিমাচা, মিহিৰ বৰ্মন ওৰফে জুয়েল গাৰ্লচা আৰু চুপান লুথা ওৰফে অংগ লুথা ৷ উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ত নিন্দু লাংথাচাৰ পুত্ৰ ডেনিয়েল লাংথাচাই চিবিআই তদন্ত বিচাৰি যি গোচৰ তৰিছিল অহা 9 জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হব ৷

লগতে পঢ়কঃমাহজোৰা প্ৰস্তুতিৰে যুৱকৰ পালন বিশ্ব পৰিৱেশ দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.