ডিমাহাছাও, 3 ডিচেম্বৰঃ ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাহুৰ ৰেল ষ্টেচনৰ ওচৰৰ পৰা মহিলা সহ পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত মাহুৰ আৰক্ষীয়ে এক অভিযান চলাই মাহুৰ ৰে'ল ষ্টেচনৰ ওচৰত দুখন বাহনৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলা আৰু পাঁচজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টিয়ে জানিবলৈ দিয়া অনুসৰি গ্ৰেপ্তাৰ হোৱা ব্যক্তি কেইজন হ'ল দিলোজাৰ খান, ডি চেইবই কুকি, লুংচাং চাংচন,আৰু লিয়েনখাও চাংচন । ইতিমধ্যে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাক অধিক তথ্য বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
ডিমা হাছাওত মহিলা সহ 6 ড্ৰাগছ সৰবৰাহকাৰী আটক - ডিমাহাছাও
ডিমা হাছাওত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ ড্ৰাগছৰ লগতে মহিলা সৰবৰাহকাৰীও আটক কৰে আৰক্ষীয়ে ৷