হাফলং, 22 জুন: মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ৷ তাৰ পিচতেই ৰাজ্যত দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্যৰ 126 টা বিধানসভা সমষ্টিৰ মাজতে ডিমা হাছাও জিলাত বৰ্তমানে আছে এটা বিধানসভা সমষ্টি ৷ দীর্ঘ দিনৰ পৰা বিভিন্ন দল-সংগঠনে ডিমা হাছাও জিলাত আৰু এটা বা দুটা বিধানসভা সমষ্টি বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছিল ।
কিন্তু অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত ডিমা হাছাও জিলাত কোনো সমষ্টি বৃদ্ধি হোৱা নাই ৷ ইয়াকে লৈ ডিমা হাছাও জিলা কংগ্ৰেছে প্ৰকাশ কৰিছে অসন্তুষ্টি ৷
ডিমা হাছাও জিলা কংগ্ৰেছৰ মিডিয়া চেলৰ চেয়াৰমেন কালীজয় চেংয়ুংয়ে কয় যে জিলা উপায়ুক্তৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত ডিমা হাছাও জিলাত এটা বা দুটা সমষ্টি বৃদ্ধিৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল ৷ কিন্তু ইয়াৰ পাচতো ডিমা হাছাও জিলাত সমষ্টি বৃদ্ধি কৰা নহ’ল ৷ ইয়াৰ বিপৰীতে বিটিচিত তিনিটা আৰু কাৰ্বি-আংলং জিলাত এটা সমষ্টি বৃদ্ধি কৰা হৈছে ৷ যাক লৈ অসন্তুষ্ট কংগ্ৰেছ ৷
জিলাখনৰ কংগ্ৰেছৰ উপ-সভাপতি অৰিপম বদোয়ে কয় যে দীর্ঘ দিনৰ পৰা ডিমা হাছাও জিলাত এটা পৃথক লোকসভা সমষ্টি আৰু বিধানসভা সমষ্টি বৃদ্ধি কৰাৰ দাবী জনাই আহিছে বিভিন্ন দল-সংগঠনে ৷ কিন্তু গুৱাহাটীত নিৰ্বাচন আয়োগৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত কিয় ডিমা হাছাও জিলাৰ কোনো প্ৰতিনিধি উপস্থিত নাছিল বুলিও প্ৰশ্ন উত্থাপন কৰে ৷
আনহাতে জিলাখনৰ বিজেপিৰ সভাপতি বা উপ-সভাপতিয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলিও আক্ষেপ প্ৰকাশ কৰে ৷ যাৰ বাবে পুনৰ ডিমা হাছাও জিলাত সমষ্টি বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰিবৰ বাবে সকলো দল-সংগঠনক দাবী উত্থাপন কৰাৰ লগতে এই দাবী মুখ্যমন্ত্ৰীৰ ওচৰলৈ লৈ যোৱাৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক: Constituency delimitation: অসমীয়া হিন্দু আৰু বঙালী হিন্দুৰ মাজত বিভাজন সৃষ্টি বিজেপিৰ; গৌৰৱ গগৈ