ETV Bharat / state

ডিমা হাছাও জিলাত 5 খন হাইস্কুল বন্ধৰ সিদ্ধান্তত ক্ষোভ প্ৰকাশ দিলীপ নুনিচাৰ - halali progressive welfare society

2019-20 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিমা হাছাও জিলাত 5 খন স্কুলৰ এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱাৰ ফলত এই স্কুল কেইখন বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। ৰাজ্য চৰকাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ ক্ষোভ প্ৰকাশ কৰিছে হালালি প্ৰগ্ৰেচীভ ওয়েলফেয়াৰ চচাইটিৰ সভাপতি দিলীপ নুনিচায়।

dilip nunisa
dilip nunisa
author img

By

Published : Jun 12, 2020, 4:32 AM IST

ডিমা হাছাও 11 জুন : ডিমা হাছাও জিলাৰ হাডিংমা হাইস্কুল, খেপৰে হাইস্কুল, লেইৰি হাইস্কুল, চিমথুলুং হাইস্কুল আৰু খাৰটং হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা নাই । যাৰ বাবে চৰকাৰে বন্ধ কৰাৰ নিৰ্দেশ দিছে এই পাঁচখন বিদ্যালয় ৷ কিন্তু এই সিদ্ধান্তৰ বিৰোধিতা কৰি হালালি প্ৰগ্ৰেচীভ ওয়েলফেয়াৰ চচাইটিৰ সভাপতি দিলীপ নুনিচাই কয় যে, ডিমা হাছাও জিলাৰ এই স্কুল কেইখন হৈছে অত্যন্ত ভিতৰুৱা এলেকাত ৷ যাৰ বাবে শিক্ষা বিভাগ আৰু ৰাজ্য চৰকাৰে এই এলেকা সমূহৰ ভৌগোলিক পৰিস্থিতি অধ্যয়ন কৰাতো জৰুৰী । দিলীপ নুনিচাই কয় যে, এই স্কুল কেইখন জিলাখনৰ পিচপৰা অঞ্চলত থকাৰ বাবে স্কুল সমূহ পৰিকাঠামোগতভাবে উন্নত নহয় । ইয়াৰ উপৰি এই অঞ্চল সমূহত যোৱাৰ বাবে ঘাইপথ নাই ।

ডিমা হাছাও জিলাত 5 খন হাইস্কুল বন্ধৰ সিদ্ধান্তত ক্ষোভ প্ৰকাশ দিলীপ নুনিচাৰ

শিক্ষক সকলৰ থকাৰ বাবে নাই কোনো চৰকাৰী আবাস । স্কুল সমূহত নাই শিক্ষক। যাৰ বাবে ৰাজ্য চৰকাৰক এইলৈ সুচিন্তা কৰা উচিত বুলি মন্তব্য কৰে দিলীপ নুনিচাই ৷ এই 5 খন স্কুল বন্ধ কৰাৰ সিদ্ধান্ত সলনি কৰি এই স্কুল সমূহৰ পৰিকাঠামোগত উন্নয়নৰ দিশটো ঠিক কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদ কৰ্তৃপক্ষক নুনিচাই আহ্বান জনায়।

লগতে পঢ়ক : চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে বাঘজানৰ আশ্ৰয় শিবিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.