ETV Bharat / state

এমাহ পাচত মাইবাঙত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jan 12, 2021, 9:20 PM IST

এমাহৰ বেছি সময় ধৰি সন্ধানহীন হৈ থকাৰ পিছত মাইবাঙৰ সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে । যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে চাঞ্চল্য়ই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত । এয়া হত্য়া নে আত্মহত্য়া তাৰ তদন্তও আৰম্ভ কৰিছে আৰক্ষীয়ে ।

মাইবাঙত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
মাইবাঙত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিমা হাছাও , ১২ জানুৱাৰী : অৱশেষত উদ্ধাৰ হ'ল এক মাহৰ বেছি সময় ধৰি সন্ধানহীন হৈ থকা নিৰজ দাওলাগাপু নামৰ ১৭ বছৰীয়া যুৱকজনৰ । কিন্তু জীৱিত অৱস্থাত নহয় সোমবাৰে সন্ধিয়া মাইবাং চহৰৰ সমীপত হাবিত যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে । যুৱক জনৰ পৰিয়ালৰ পৰা নিৰুদ্দেশ সংক্ৰান্তত এখন এজাহাৰ মাইবাং আৰক্ষীয়ে লাভ কৰাৰ পিছতো বিগত এমাহে যুৱক জনৰ কোনো ধৰণৰ শুংসূত্ৰ উলিওৱাৰ ক্ষেত্ৰত সক্ষম হোৱা নাছিল আৰক্ষী ।

উল্লেখ যে সোমবাৰে বিয়লি মাইবাংৰ খাৱটিংদিছা গাঁৱৰ তিনিজন যুৱকে চৰাই চিকাৰ কৰিবলৈ গৈ হাবিত মৃতদেহ প্ৰত্য়ক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ পিচতে ঘটনা স্থলীত আৰক্ষীৰ লগত নিৰচৰ ভাতৃ উপস্থিত হৈছিল । পিন্ধি থকা টি চাৰ্ট দেখি মৃতদেহটো নিৰজ দাওলাগাপুৰ বুলি চিনাক্ত কৰে তেওঁৰ ভাতৃয়ে । পিছত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে চাঞ্চল্য়ই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত । এয়া হত্য়া নে আত্মহত্য়া তাৰ তদন্তও আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.