ETV Bharat / state

ডিমা হাছাওত ভ্ৰাম্যমান ৰে’লৰ ডবাত প্ৰদান ক’ভিড প্ৰতিষেধক - VOW Exprees

ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি হৈ আছে ক’ভিডৰ (Covid 19) সংক্ৰমণ ৷ ক’ভিড মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিভিন্ন পন্থা ৷ ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগে ৰে’লৱে কৰ্মচাৰীসকলক ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ হেতুকে উত্তৰ পূৱ সীমান্ত ৰে’লৱে (NF Railway)ৰ সহযোগত ‘ভো এক্সপ্ৰেছ (VOW Exprees)’ ৰে’লৰ জৰিয়তে ভ্ৰাম্যমান ৰে’লৰ ডবাত ক’ভিডৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

covid vaccination programe held on monday at new hufflong station
ডিমা হাছাওত ভ্ৰাম্যমান ৰে’লৰ ডবাত ক’ভিডৰ প্ৰতিষেধক প্ৰদান
author img

By

Published : Jul 12, 2021, 7:34 PM IST

ডিমা হাছাও, 12 জুলাই : সমগ্ৰ দেশৰ লগতে অসমতো মাৰ যোৱা নাই ক’ভিড (covid 19) ৰ ভয়াৱহতা । ক’ভিডৰ এই দ্বিতীয় ঢৌত ভাৰতীয় ৰে’লৰ বহু কৰ্মচাৰী আক্ৰান্ত হৈছে । যাৰ ফলত দেশত বন্ধ হৈ পৰিছিল ৰে’ল সেৱা ।

সেয়ে উত্তৰ পূৱ সীমান্ত ৰে’লৱে (NF Railway) কৰ্তৃপক্ষই ৰে’ল কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু ৰে’লৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, ৰে’ল বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলোকে ক’ভিড প্ৰতিষেধক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সোমবাৰে বদৰপুৰৰ পৰা ‘ভো এক্সপ্ৰেছ’ (VOW Exprees) নামৰ এখন বিশেষ ৰে’ল দিনৰ 11 বজাত নিউহাফলং ষ্টেচনত আহি উপস্থিত হয় ৷ ইয়াৰ পিচতে নিউহাফলং ষ্টেচনত থকা ৰে’লৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক ৰে’লৰ ডবাৰ ভিতৰত ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় ।

পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৱ ৰে’লৱে কৰ্তৃপক্ষই ৰে’ল কৰ্মচাৰী সকলৰ ভ্ৰাম্যমান ৰে’লৰ ডবাত ক’ভিডৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে ।

ডিমা হাছাওত ভ্ৰাম্যমান ৰে’লৰ ডবাত ক’ভিডৰ প্ৰতিষেধক প্ৰদান

ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ক’ভিড প্ৰতিষেধকৰ পালি দিয়া হৈছে ৷ ৰে’ল কৰ্মচাৰী সকলক ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ বাবে ৰে’ল কৰ্তৃপক্ষই ৰে’ল আৰু স্বাস্থ্যকৰ্মীক নিয়োজিত কৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু উত্তৰ পূৱ সীমান্ত ৰে’লৱে (NF Railway) কৰ্তৃপক্ষই যুটীয়াভাৱে এই কাৰ্যসূচী হাতত লৈছে ।

ইপিনে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ লামডিং ডিভিচনৰ মুখ্য স্বাস্থ্য অধীক্ষক (Chief Medical Superintendent) স্বপ্না দৈমাৰীয়ে জানিবলৈ দিয়া অনুসৰি, লামডিং ডিভিছনৰ ডিআৰএমৰ নিৰ্দেশত সোমবাৰে ৰে’লৱে ভেকচিনেশ্যন কাৰ্যসূচী আৰম্ভ কৰা হয় । লগতে তেওঁ কয় যে, ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ত সোমবাৰে 150 পালি ভেকচিন প্ৰদান কৰিছে ৷ সোমবাৰে নিউহাফলংৰ পিছতে ভেকচিনৰ ৰে’লখন জাতিংগা নিউলামপুৰ, নিউহাৰেংগজাও ডিটেকচৰা ষ্টেচন অভিমুখে গতি কৰিব ৷ উল্লেখিত স্থানসমূহত উপস্থিত হৈ ৰে’ল কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যকে ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব ।

স্বপ্না দৈমাৰীয়ে অৱগত কৰা অনুসৰি, সোমবাৰে প্ৰথম পৰ্যায়ত এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে । দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে যেতিয়া ক’ভিডৰ ভেকচিন উত্তৰ পূৱ সীমান্ত ৰে’লৱেক প্ৰদান কৰিব তেতিয়া ৰাজ্যৰ অনান্য ষ্টেচন সমূহত ৰে’ল কৰ্মচাৰী সকলোকে ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব ৷ উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ 100 শতাংশ কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালক ভেক্সিনেশ্যনৰ বাবে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই এই ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: গণ সংক্ৰমণৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ দায়িত্বত যোৰহাট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.