ETV Bharat / state

ক’ভিড-19 : ডিমা হাছাও জিলাত 160 গৰাকীলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাত দেখা পোৱা গৈছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ জিলাখনত বৰ্তমানলৈকে 160 গৰাকী কৈ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ অৱশ্যে সুখবৰ যে, ইয়াৰ অধিকাংশ লোকেই আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

COVID-19: The number of victims increased to 160 in Dima Hasao district

author img

By

Published : Jul 26, 2020, 12:59 AM IST

ডিমা হাছাও, 26 জুলাই : ডিমা হাছাও জিলাত শনিবাৰে দুজন স্বাস্থ্য কৰ্মীৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি । দিয়ুংমুখ চেকপ’ষ্টত থকা দুগৰাকী স্বাস্থ্য কৰ্মীৰ ৰেপিড এন্টিজেন টেষ্ট কৰাৰ পিছতেই দুগৰাকী স্বাস্থ্যকৰ্মীৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰে ।

আনহাতে ডিটেকচৰা চেকপ’ষ্টত শিলচৰৰ পৰা হাফলঙলৈ অহা আন এগৰাকী লোকৰ দেহতো ৰেপিড এন্টিজেন টেষ্টৰ পিছত ধৰা পৰে ক’ভিড-19 ৰ উপস্থিতি । স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা মতে, শিলচৰৰ বাসিন্দা এগৰাকী ট্ৰাক চালক শিলচৰ হাফলঙলৈ পৰা ট্ৰাকলৈ অহাৰ সময়তে ডেটেকচৰা চেকপ’ষ্টত ৰেপিড এন্টিজেন টেষ্টত লোক জনৰ দেহত ক’ভিড ধৰা পৰে ।

বৰ্তমানে ৰোগী গৰাকীক হাফলং অসামৰিক চিকিৎসালয়ৰ আইচ’লেচনত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে, ডিমা হাছাও জিলাত ক’ভিড-19 ৰোগত আক্ৰান্ত 160 গৰাকী ৰোগীৰ মাজত 147 গৰাকী ৰোগী সুস্থহৈ ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে । বৰ্তমানত হাফলং অসামৰিক চিকিৎসালয়ৰ আইচ’লেচনত 13 গৰাকী ৰোগীৰ চিকিৎসা চলাই থকা হৈছে ৷

লগতে চাওক- তিনিচুকীয়াত মানৱতাক লজ্জানত কৰা ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.