ডিমা হাছাও, 25 অক্টোবৰঃ শাৰদীয় দুৰ্গাপূজা উপলক্ষে হাফলং ৰামকৃষ্ণ সেৱা সমিতিৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় । নৱমীৰ দিনা এই গ্ৰন্থ উন্মোচন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব অমিতাভ ৰাজখোৱাই ।
হাফলং ৰামকৃষ্ণ সেৱা সমিতিৰ হীৰক জয়ন্তী চলি আছে 2019 চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ হৈ 2020-ৰ ডিচেম্বৰ মাহলৈ ৷ কিন্তু কৰ'না ভাইৰাছ মহামাৰীৰ বাবে ৰামকৃষ্ণ সেৱা সমিতিয়ে জয়ন্তীৰ অনুষ্ঠান সমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । হাফলং ৰামকৃষ্ণ সেৱা সমিতিৰ সদস্য অভিজিত দাসে জনায় আমাৰ এই সমৰ্পন নামৰ গ্ৰন্থখিনি হীৰক জয়ন্তীত উন্মোচন হোৱাৰ কথা আছিল কিন্তু জয়ন্তী বাতিল হোৱাৰ বাবে আমি এই গ্ৰন্থখিনি নৱমীৰ দিনা উন্মোচন কৰাৰ সিদ্ধান্ত লৈছো ।