ETV Bharat / state

Assam governor visit Haflong: দুদিনীয়া কাৰ্যসূচীৰে ডিমা হাছাও উপস্থিত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

author img

By

Published : Aug 9, 2023, 5:52 PM IST

দুদিনীয়া কাৰ্যসূচীৰে ডিমা হাচাওত ৰাজ্যপাল গোলাব চান্দ কটাৰীয়া ৷ জিলাখনৰ আইন শৃংখলাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰিব ৰাজ্যপালগৰাকীয়ে ৷ বৃহস্পতিবাৰে হাফলং চহৰত ভীমৰাও ৰামজী আম্বেদকাৰৰ এটা প্ৰতিমূৰ্তিৰ উন্মোচন কৰিব ৰাজ্যপালগৰাকীয়ে ৷

Assam governor visit Haflong
ডিমা হাছাও ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

হাফলং, 9 আগষ্ট: অসমৰ ৰাজ্যপাল গোলাব চান্দ কটাৰীয়াই বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে ডিমা হাচাও জিলাৰ হাফলঙত উপস্থিত হয় । ৰাজ্যপালগৰাকী বুধবাৰে পুৱা 6:45 বজাত গুৱাহাটী ষ্টেচনৰ পৰা ভিষ্টাড’ম ৰে’লযোগে আহি দিনৰ 12 বজাত নিউ হাফলং ষ্টেচনত উপস্থিত হয় আৰু তাৰপৰা পোনে পোনে হাফলং চাৰ্কিট হাউচলৈ যাত্ৰা কৰে ৷

ৰাজ্যপাল গোলাব চান্দ কটাৰীয়া নিউ হাফলং ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেব’লাল গাৰ্লোচাই ডিমাছা ৰিছা দি আদৰণি জনায় । ইয়াৰ পিচত তেওঁ হাফলং চাৰ্কিট হাউচত জিলাখনৰ আইন শৃংখলা পৰিস্থিতি লৈ ডিমা হাচাও জিলা প্ৰশাসন, আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লগতে এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত উপস্থিত আছিল ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক ময়ংক কুমাৰৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনীৰ শীৰ্ষ বিষয়াসকল ।

ৰাজ্যপাল গোলাব চান্দ কটাৰীয়াই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত উপস্থিত হৈ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা, অধ্যক্ষ ৰানু লাংথাচা, পাৰ্বত্য পৰিষদৰ প্ৰধান সচিব, টিটি দাওলাগাপু পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য, শীৰ্ষ বিষয়াৰ লগতে পাহাৰীয়া জিলাত চলি থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কাম-কাজৰ পৰ্যালোচনা কৰে ।

বৃহস্পতিবাৰে হাফলং চহৰত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই ভীমৰাও ৰামজী আম্বেদকাৰৰ এটা প্ৰতিমূৰ্তিৰ উন্মোচন কৰিব ৷ ইয়াৰ পিচতে হাফলং অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসক-স্বাস্থ্যকৰ্মীসকলৰ লগতে এখন বৈঠকত মিলিত হ’ব ৰাজ্যপালগৰাকী । নিশা প্ৰায় 10 বজাত নিউ হাফলঙৰ পৰা আগৰতলা ফিৰোজপুৰ কেন্ট এক্সপ্ৰেছ ৰেলযোগে গুৱাহাটীৰ উদ্দেশ্যে ৰাওনা হ’ব ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.