ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Apr 29, 2022, 4:58 PM IST

শুকুৰবাৰে হাফলঙত উদযাপন কৰা হয় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস (Foundation Day of North Cachar Hills Autonomous Council) ৷ উক্ত অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালৰ প্ৰৱেশদ্বাৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ।

71st-foundation-day-celebrate-of-north-cachar-hills-autonomous-council-at-haflong
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিমা হাছাও, 29 এপ্ৰিল : অসমৰ অন্যতম এখন পাহাৰীয়া জিলা তথা ৰাজ্যৰ অতিকৈ পুৰণি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় (Foundation Day of North Cachar Hills Autonomous Council)৷ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে হাফলঙত উদযাপন কৰা হয় এই দিৱস ।

উল্লেখ্য যে, 1952 চনত গঠন হৈছিল এই উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ ৷ ইয়াৰ পিচতে উত্তৰ কাছাৰ জিলা পৰিষদক অধিক ক্ষমতা প্ৰদান কৰি উত্তৰ কাছাৰ পাৰ্বত্য জিলাক স্বায়ত্ব শাসিত পৰিষদৰ মৰ্যদা দিয়া হয় । আৰু অসমৰ মাজতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ হৈছে অতিকৈ পুৰণি স্বায়ত্ব শাসিত পৰিষদ (North Cachar Hills Autonomous Council)।

ইফালে শুকুৰবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি নৱনিৰ্মিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ সচিবালৰ প্ৰৱেশদ্বাৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই (Chief Executive Member of North Cachar Hills Autonomous Council)।

ইয়াৰ উপৰি শুকুৰবাৰে পাৰ্বত্য পৰিষদৰ পৰিবহণ বিভাগৰ এটি কাৰ্যালয়ও মুকলি কৰা হয় । অন্যহাতে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালৰ কেম্পাছত এখন জনতা কেণ্টিনৰ শুভ উদ্বোধন কৰে মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই ৷

এই জনতা কেণ্টিনৰ শুভ উদ্বোধন কৰি তেওঁ কয় যে, এই জনতা কেণ্টিনত পাহাৰীয়া জিলাৰ গাঁওসমূহৰ যিসকল দুখীয়া ৰাইজ পাৰ্বত্য পৰিষদত কামৰ কৰিব তেওঁলোকক এই কেণ্টিনত বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হ'ব । যাৰ বাবে শুকুৰবাৰে এই কেণ্টিন মুকলি কৰা হয় বুলি মন্তব্য কৰে দেবলাল গাৰ্লচাই ।

ইফালে এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক নন্দিতা গাৰ্লোচা, পাৰ্বত্য পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, জিলা উপায়ুক্ত নাজৰিন আহমেদ, পাৰ্বত্য পৰিষদৰ প্ৰধান সচিব টি টি দাওলগাপু, মুকুট কেম্প্ৰাই, পাৰ্বত্য পৰিষদৰ কাৰ্য নিৰ্বাহক সদস্যৰ লগতে পৰিষদৰ সদস্যসকল ।

লগতে পঢ়ক : ছিণ্ডিকেট ৰাজক লৈ সৰৱ হৈছে দেৱলাল গাৰ্লচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.