ETV Bharat / state

আন্দোলন নহয়, কৃষি বিপ্লৱেৰে উজ্বলিছে টিংখাঙৰ মহিলা

author img

By

Published : Aug 5, 2021, 9:59 PM IST

কচু খেতিৰে স্বাৱলম্বিতাৰ মুখ দেখিছে টিংখাঙৰ একাংশ মহিলাই ৷ যি সময়ত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লৈ বহু মহিলা সৰ্বস্ৰান্ত হ'বলগীয়া হৈছে, তেনে সময়তে বুঢ়ীদিহিঙৰ পাৰৰ একাংশ উদ্যমী মহিলাৰ প্ৰচেষ্টাই বহুতকে প্ৰেৰণা যোগাবলৈ সক্ষম হৈছে ।

women-of-tingkhong-lit-up-by-the-agricultural-revolution-etv-bharat-assam
কৃষি বিপ্লৱেৰে উজ্বলিছে একাংশ মহিলা

টিংখাং, 5 আগষ্ট : বুঢ়ীদিহিঙৰ পাৰত কৃষি বিপ্লৱেৰে উজ্বলিছে টিংখাঙৰ একাংশ মহিলা ৷ বিভিন্ন সময়ত বিভিন্নজনে পশু, হাঁহ কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ পথ বাচি লোৱা পৰিলক্ষিত হৈছে ৷ এইবাৰ কচু খেতিৰে স্বাৱলম্বিতাৰ মুখ দেখিছে টিংখাঙৰ লেঙেৰী পঞ্চায়তৰ অন্তৰ্গত শলগুৰি গাঁৱৰ জোনালী আত্মসহায়ক গোটৰ মহিলাসকলে ৷

বুঢ়ীদিহিঙৰ পাৰৰ প্ৰায় 10 বিঘা সাৰুৱা কৃষিভূমিত কচু খেতি কৰি বিগত বছৰবোৰত 40-50 কুইণ্টল ফচল উৎপাদন কৰিবলৈ সক্ষম হৈছে মহিলাসকল ৷ বছৰি প্ৰায় 4 লাখ টকা উপাৰ্জন কৰি আহিছে জোনালী আত্মসহায়ক গোটে । কচু খেতিৰ সমানুপাতে মহিলা গোটটোৱে গাহৰি ফাৰ্ম আৰু মীন পালনৰ যোগেদিও যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

কৃষি বিপ্লৱেৰে উজ্বলিছে একাংশ মহিলা

যিসময়ত মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লৈ বহু মহিলা সৰ্বস্ৰান্ত হ'বলগীয়া হৈছে, তেনে সময়তে বুঢ়ীদিহিঙৰ পাৰৰ এইসকল উদ্যমী মহিলাৰ প্ৰচেষ্টাই বহুতকে প্ৰেৰণা যোগাবলৈ সক্ষম হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকক লক ডাউনে জুৰুলা কৰাৰ সময়তে টিংখাঙৰ এইসকল মহিলাই অৰ্থনৈতিক বিপ্লৱ গঢ়ি তোলাৰ চেষ্টাত ব্ৰতী হৈছে ৷

লগতে পঢ়ক: পথ পকীকৰণৰ দাবীত ৰাজপথত ৰঙিয়াৰ বৰমুৰাৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.