ETV Bharat / state

বগীবিলৰ টোল গেটক লৈ সৰৱ জাতীয় দল-সংগঠন

এখনৰ পাছত আন এখন টোল গেট স্থাপন কৰিছে চৰকাৰে । ৰাইজ তথা দল-সংগঠনসমূহে টোল গেটৰ বিৰোধিতা কৰিছে যদিও পুনৰ আন এখন টোল গেট আৰম্ভ কৰাৰ যো-জা চলাইছে চৰকাৰে । বগীবিলৰ টোল গেটক লৈ এতিয়া তীব্ৰ ক্ষোভ উজাৰিছে বিভিন্ন দল-সংগঠনে ।

Bogibeel
বগীবিলৰ টোল গেটক লৈ সৰৱ জাতীয় দল সংগঠন
author img

By

Published : Sep 10, 2021, 2:03 PM IST

মৰাণ, ১০ ছেপ্টেম্বৰ : পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে লৈছে এটাৰ পাছত আন এটা জনবিৰোধী সিদ্ধান্ত । ৰাইজৰ তীব্ৰ প্ৰতিবাদ আৰু বিৰোধিতাৰ পাছতো বিজেপি চৰকাৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বগীবিলৰ টোল গেট (Toll gate) মুকলি কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে । ইতিমধ্যে টোল গেট নিৰ্মাণৰ কামো সম্পূৰ্ণ কৰিছে নিৰ্মাণকাৰী সংস্থাই ।

বগীবিলৰ টোল গেটক লৈ সৰৱ জাতীয় সংগঠনৰ

দল-সংগঠনৰ প্ৰতিবাদৰ পাছতো চৰকাৰে বগীবিল টোল গেট মুকলিৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰাক লৈ পুনৰ সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক প্ৰিয়ৱত গোহাঁইয়ে কয় যে টোল গেট স্থাপন কৰি চৰকাৰে খিলঞ্জীয়া লোকৰ ওপৰত চলাবলৈ লোৱা কোনো ধৰণৰ শোষণ মানি লোৱা নহ'ব । প্ৰয়োজন হ'লে টোল গেট ভাঙি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সম্পাদক গৰাকীয়ে ।

আনহাতে, আটছাৰ(ATTSA) ডিব্ৰুগড় জিলাৰ সভাপতি বিমল বাগে কয় যে টোল গেটত খিলঞ্জীয়া মানুহৰ পৰা পইচা ল'ব নোৱাৰিব চৰকাৰে । পইচা ল'লেই তীব্ৰ প্ৰতিবাদ কৰা হ'ব । টোল গেটক লৈ যিকোনো ঘটনা সংঘটিত হ'লে তাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে জগৰীয়া হ'ব । দল-সংগঠনৰ প্ৰতিবাদৰ পাছতো বগীবিল টোল গেট আৰম্ভ কৰিবলৈ লোৱা চৰকাৰে খিলঞ্জীয়াৰ বাবে কি দৰে ব্যৱস্থা লয় সেইয়া সময়ত হে পৰিলক্ষিত হ'ব ।

লগতে পঢ়ক :ভয়ংকৰ : চাওক যোৰহাট-মাজুলী ফেৰী সেৱাৰ প্ৰকৃত স্বৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.