মৰাণ, 24 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ মাজতে মৰাণত জব্দ হৈছে ব্ৰাউন চুগাৰ । গোপন সূত্ৰৰ পম খেদি কৰিমগঞ্জৰ পৰা তিনিচুকীয়ালৈ আনি থাকোতে মৰাণৰ খটখটিত মৰাণহাট থানাৰ আৰক্ষীৰ সহযোগত চৰাইদেউ জিলাৰ অধীক্ষক শ্বেতাংগ মিশ্ৰৰ তৎপৰতাত এ এছ ১১চি চি ৭৮৩৫ নম্বৰ টাটা ডি আই গাড়ী সহ আটক কৰে দুই অপৰাধীক। জব্দ হোৱা গাড়ীৰ ভিতৰতে ওলাই নিষিদ্ধ ব্ৰাউন চুগাৰ ।
আৰক্ষীয়ে ধৃত দুই অপৰাধী ক্ৰমে চাহিল হুছেইন আৰু ৰুবুল আহমেদক আটক কৰি মৰাণহাট থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ মুল্য ৮ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
লগতে পঢ়ক : ভাৰত-পাক সীমান্তত ভূ-পতিত পাকিস্তানী ড্ৰ’ণ