ETV Bharat / state

নিষ্ঠুৰ ক’ভিড : স্বামীক হেৰুৱাই হিয়া ধাকুৰি কান্দিছে এগৰাকী মহিলাই - আত্নীয়-গাঁওবাসী

ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা স্বামীক সৎকাৰৰ বাবে লৈ যোৱাৰ সময়ত কান্দোনত ভাঙি পৰিল পত্নী ৷ অকলশৰীয়া পত্নীৰ সঁহাৰি দিবলৈ নাই কোনো আত্নীয়-গাঁওবাসী ৷

স্বামীক হেৰুৱাই অকলশৰীয়া পত্নীৰ হিয়াভঙা কান্দোন

author img

By

Published : May 8, 2021, 6:53 PM IST

মৰাণ,8মে' : ৰাজ্যৰ প্ৰতিখন জিলাৰ সমান্তৰালকৈ চাবুৱাতো সংহাৰী ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে ৷ শুকুৰবাৰৰ দিনটোত চাবুৱাত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হয় দুজন ব্যক্তিৰ ৷ বৃহস্পতিবাৰে জেৰাই চকলিভৰীয়া গাঁৱতো ৬৫ বছৰ ঊৰ্ধৰ দুগৰাকী লোকৰ মৃত্যু হয় এই মহামাৰীত আক্ৰান্ত হৈ ৷ এই লোক দুজনৰ মৃত্যুৰ পিছতে গাঁও খনত প্ৰায় ৪০ জন ব্যক্তিক ক'ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে তিনি গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ৷ আক্ৰান্ত আটাইকেইজনকে হ'ম কোৱাৰেনণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ৷

স্বামীক হেৰুৱাই অকলশৰীয়া পত্নীৰ হিয়াভঙা কান্দোন

ইপিনে, চাবুৱাত কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ দুজনকৈ ব্যক্তিৰ মৃত্যু হোৱাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হৃদয়বিদাৰক পৰিৱেশৰ ৷ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা স্বামীক সৎকাৰৰ বাবে লৈ যোৱাৰ সময়তে কান্দোনত ভাঙি পৰে মৃত ব্যক্তি গৰাকীৰ পত্নী ৷ এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয় চাবুৱাৰ জেৰাই গাঁৱৰ ৬৫ বছৰীয়া টুটু গোহাঁইৰ বাসগৃহত ৷ বায়ু সেনা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মৃত ব্যক্তি গৰাকী কিছু দিন পূৰ্বে আক্ৰান্ত হৈছিল এই মহামাৰীত ৷ একমাত্ৰ পুত্ৰ সন্তান আৰু বোৱাৰী কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰত থকা পৰিয়ালটিত পত্নীৰ সৈতে বাস কৰিছিল মৃত ব্যক্তি গৰাকীয়ে ৷ কিন্তু কৰ'ণা মহামাৰীত স্বামীক হেৰুৱাই এতিয়া কান্দোনত ভাঙি পৰিছে মহিলা গৰাকী ৷ মহিলা গৰাকীৰ কান্দোনত উচুপি উঠে গাঁওবাসীয়েও ৷ অকলশৰীয়া হৈ পৰা মহিলা গৰাকীক বুজনি দিবলৈ যাব নোৱাৰি উপায়ন্তৰ গাঁওবাসীয়েও এতিয়া সাংবাদিকৰ জৰিয়তে ৰাজ্যবাসীক সতৰ্ক আৰু সজাগ হৈ থকাৰ বাবে আহ্বান জনায় ৷

অন্য এক খবৰৰ বাবে: দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.