ETV Bharat / state

টিংখাঙত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ - ASSAM POLLc

টিংখাঙত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাই ৰাজগড়ত দোকানে দোকানে চলালে নিৰ্বাচনী প্ৰচাৰ ৷ দোকানতে চাহৰ জুতিও লোৱা দেখা গ’ল প্ৰাৰ্থী গৰাকীক ৷ সকলোকে ভোটদান কৰিবলৈও আহ্বান জনালে প্ৰাৰ্থী গৰাকীয়ে ৷

tingkhong bjp candidate election campaign
টিংখাঙৰ ৰাজপথত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 16, 2021, 10:17 PM IST

টিংখাং,16 মাৰ্চ: তুংগত উঠিছে টিংখাঙৰ নিৰ্বাচনী বতাহ ৷ সকলো ৰাজনৈতিক দলেই নিজ প্ৰাৰ্থীক জয়ী কৰাবলৈ তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ ৷ বিজেপি-অগপৰ মিত্ৰজোঁট, কংগ্ৰেছৰ মহাজোঁট, অসম জাতীয় পৰিষদ, নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থক সকলোৱে নিৰ্বাচনী ৰণত নামি পৰিছে ৷

মঙলবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ’ল টিংখাঙৰ বিধায়ক তথা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাক ৷ সমষ্টিটোৰ ব্যৱসায়-বাণিজ্যৰ কেন্দ্ৰস্থল ৰাজগড়ত দোকানে দোকানে ঘূৰি ফুৰা দেখা গ’ল প্ৰাৰ্থীগৰাকীক ৷ পিছে পিছে বহুসংখ্যক সমৰ্থক ৷ প্ৰাৰ্থীগৰাকীয়ে দোকানে দোকানে গৈ মত বিনিময় কৰে দোকানীৰ সৈতে ৷ দোকানতে চাহৰ জুতিও লোৱা দেখা গ’ল প্ৰাৰ্থীগৰাকীক ৷ সকলোকে ভোটদান কৰিবলৈও আহ্বান জনালে প্ৰাৰ্থীগৰাকীয়ে ৷

tingkhong bjp candidate election campaign
টিংখাঙৰ ৰাজপথত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ

বিগত পাঁচটা বৰ্ষত কৰা কামৰ নম্বৰ ইভিএমৰ যোগেদি দিবলৈ ৰাইজলৈ আহ্বান জনালে প্ৰাৰ্থীগৰাকীয়ে ৷ বিগত দিনকেইটাত নামঘৰে নামঘৰে সেৱা লোৱা, গাঁৱে-ভূঞে, বাগিচাই বাগিচাই নৃত্য, গীত কৰি সময় অতিবাহিত কৰিছে প্ৰাৰ্থীগৰাকীয়ে ৷ ইপিনে ১৭ মাৰ্চত প্ৰাৰ্থীগৰাকীৰ হৈ টিংখাঙৰ লেঙেৰীত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ২১ মাৰ্চত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী অৰ্জুন মুণ্ডা আৰু ২২ মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিমল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ টিংখাঙলৈ আহিব ৷

লগতে পঢ়ক: পিতৃৰ কি আশা আছিল: সাংবাদিকৰ আগত ক'লে গৌৰৱ গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.