ETV Bharat / state

PM SHRI Scheme:টিংখাং প্ৰাথমিক বিদ্যালয় PM SHRI আঁচনিত অন্তৰ্ভুক্ত

author img

By

Published : Aug 7, 2023, 7:56 PM IST

টিংখাঙৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ বিশেষ সফলতা । কেন্দ্ৰীয় চৰকাৰৰ PM SHRI আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম টিংখাং প্ৰাথমিক বিদ্যালয় । সৰ্ব-ভাৰতীয় পৰ্যায়ত নাম অন্তৰ্ভুক্ত হোৱাত উৎফুল্লিত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ।

Tingkhang primary school
টিংখাং প্ৰাথমিক বিদ্যালয়
টিংখাং প্ৰাথমিক বিদ্যালয়

মৰাণ, ৭ আগষ্ট: ৰাজ্যৰ শিক্ষাখণ্ডত ব্যক্তিগত বিদ্যালয়ৰ আগ্ৰাসনৰ সময়তে শৈক্ষিক ক্ষেত্ৰত উজ্বলিবলৈ সক্ষম হৈছে টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয় । কেন্দ্ৰীয় চৰকাৰৰ PM SHRI আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয় । এই PM SHRI আঁচনিৰ অধীনত ভাৰতৰ মুঠ ১৪৬০০ খন বিদ্যালয়ক সাঙুৰি ল'ব লগা বিদ্যালয় সমূহৰ ভিতৰত প্ৰথম পৰ্যায়ত ৬,৪৪৮ খন বিদ্যালয় PM SHRI আঁচনিৰ অন্তৰ্ভুক্ত হয় ।

লগতে পঢ়ক:Assam State Kisan Sabha : বিজেপি চৰকাৰৰ কৃষকৰ আয় দুগুণ কৰাৰ প্রতিশ্রুতি ফুটুকাৰ ফেনত পৰিণত হৈছে; টিকেন দাস

এই প্ৰথম পৰ্যায়তে ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষা খণ্ডৰ অধীনৰ টিংখাং সমষ্টিৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় হিচাপে টিংখাং প্ৰাথমিক বিদ্যালয়খন সৰ্বভাৰতীয় পৰ্যায়ৰ এই আঁচনিত অন্তৰ্ভুক্ত হোৱাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্র-ছাত্ৰীসকলৰ লগতে টিংখাঙৰ ৰাইজে গৌৰৱবোধ কৰিছে । ব্যক্তিগত খণ্ডৰ বিদ্যালয়কো প্ৰত্যাহ্বান জনাই অহা বিদ্যায়খন PM SHRIআঁচনিত অন্তৰ্ভুক্ত হোৱাত বিদ্যালয়খনত অনুষ্ঠিত কৰি অহা হৈছে বিভিন্ন কাৰ্যসূচী ।

লগতে পঢ়ক:Uttarakhand Tragedy : উত্তৰাখণ্ডৰ ভয়াৱহ ঘটনাত এতিয়াও সন্ধানহীন ২০ মৃতদেহ; অব্যাহত আছে অনুসন্ধান অভিযান

উল্লেখ্য় যে বিগত বৰ্ষত কেন্দ্ৰীয় কেবিনেটে ২৭,৩৬০ কোটি টকীয়া পিএম স্কুল ফৰ ৰাইজিং ইণ্ডিয়া চমুকৈ PM-SHRI আঁচনিত অনুমোদন জনাইছিল । সমগ্ৰ দেশৰ ১৪,০০০ তকৈও অধিক বিদ্যালয়ক সামৰি লোৱা এই আচনিৰ জৰিয়তে ১৮৭ লাখ শিক্ষাৰ্থী উপকৃত হোৱা লক্ষ্য় স্থিৰ কৰা হৈছে ।

এই বিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনৰ প্ৰতি নিষ্ঠা সততাৰে সেৱা আগবঢ়াই অহা বাবেই এখন প্ৰাথমিক বিদ্যালয় এই আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে । যাৰ বাবে এতিয়া গৌৰৱবোধ কৰি আৰু অধিক দায়িত্ব বাঢ়িল বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কয় । উল্লেখযোগ্য যে এই আঁচনিখনত বিদ্যালয়খন অন্তৰ্ভুক্ত হোৱা পাচতেই কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহাৰ্য পোনপটীয়াকৈ বিদ্যালয়খনে লাভ কৰিব ।

লগতে পঢ়ক:Exposed transformer poses a threat:উন্মুক্ত ট্ৰেন্সফৰ্মাৰে বিপদ মাতিছে দক্ষিণপাট কুমাৰ গাঁও অঞ্চললৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.