ডিব্ৰুগড়, 21 অক্টোবৰ : নাহৰকটীয়াত অঘটন ৷ বৃহস্পতিবাৰে বিয়লি নাহৰকটীয়াত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Terrible road accident at Naharkatia) ৷ এই শোকাৱহ দুৰ্ঘটনাটোত দুজন লোক নিহত হয় । নিহত লোক দুজনৰ নাম বগা চিক আৰু ৰাজেশ চিক বুলি জানিব পৰা হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে বিয়লিৰ ভাগত AS 06 W 5371 নম্বৰৰ এখন মটৰ চাইকেলেৰে বগা চিক আৰু ৰাজেশ চিক নাহৰকটীয়া দিশৰ পৰা নাহৰণি দিশলৈ তীব্ৰ বেগত গৈ আছিল ৷ তেনে সময়তে মটৰ চাইকেলখনে লেঙেৰীজান চাহ বাগিচাৰ শনিবৰীয়া বজাৰৰ সমীপৰ এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মাৰে (Road accident at Naharkatia) ৷
ফলত দুয়ো মটৰ চাইকেল আৰোহী পথৰ কাষত থকা বাগিচাৰ নলাত সোমাই পৰে ।
এই ভয়ংকৰ দুৰ্ঘটনাত মটৰ চাইকেলৰ পিছৰ আসনত বহি অহা 2 নং নাহৰণি গাঁৱৰ বগা চিক (৪২) নামৰ লোকজন ঘটনাস্থলীতে নিহত হয় । ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চালকৰ আসনত থকা ৰাজেশ চিক ৷ স্থানীয় লোকৰ তৎপৰতাত ৰাজেশ চিকক ততাতৈয়াকৈ নাহৰকটীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷
লগতে পঢ়ক : Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা
কিন্তু ইতিমধ্যে ৰাজেশ চিককো চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে ৷ জানিব পৰা মতে, এই দুৰ্ঘটনাত নিহত বগা চিক আৰু ৰাজেশ চিক সম্বন্ধত খুৰাক-ভতিজাক ৷ আনহাতে, খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷
লগতে দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেলখন উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷ ইফালে প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, নিহত দুয়োজন লোকেই পৰিধান কৰা নাছিল হেলমেট । আনহাতে, একেটা পৰিয়ালৰ দুজন লোকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ।
প্ৰায়েই সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ থকা উক্ত কেঁকুৰিটোত গতিৰোধক দিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী উত্থাপন কৰিছে ।
লগতে পঢ়ক : Seeking Help: পুত্ৰৰ চিকিৎসাৰ বাবে অসহায় মাতৃৰ বিননী