ETV Bharat / state

প্ৰশাসন ব্যৱস্থাক উপলুঙা টিংখাঙৰ চাহ বাগিচা কৰ্তৃপক্ষৰ - state administration rule

টিংখাঙৰ লগতে অসমৰ সকলো চাহ বাগিচাৰ কাম বিয়লি 2 বজাত বন্ধ কৰাৰ লগতে শ্ৰমিকক সম্পূৰ্ণ দৰমহা প্ৰদানৰ দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷

প্ৰশাসন ব্যৱস্থাক উপলোঙা টিংখাঙৰ চাহ বাগিচা কৰ্তৃপক্ষৰ

author img

By

Published : May 9, 2021, 11:25 AM IST

টিংখাং, 9 মে’: ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক উপলুঙা একাংশ চাহ বাগিচাৰ মালিকৰ ৷ চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই দিনৰ 2 বজাৰ বিপৰীতে 4 বজালৈ চাহ শ্ৰমিকসকলৰ কাম কৰাৰ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিক সকলে ৷

প্ৰশাসন ব্যৱস্থাক উপলোঙা টিংখাঙৰ চাহ বাগিচা কৰ্তৃপক্ষৰ

ইফালে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি দিনৰ 2 বজাৰ পৰা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ কাৰ্যালয়, বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে । টিংখাঙৰ লগতে অসমৰ একাংশ চাহ বাগিচাৰ কৰ্তৃপক্ষই এই নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ।

চৰকাৰী নীতি নিৰ্দেশনা অৱজ্ঞা কৰি বাগিচা কৰ্তৃপক্ষই বিয়লি 2 বজাত চাহ বাগিচাৰ কাম বন্ধ কৰাৰ পৰিৱৰ্তে 4 বজালৈ শ্ৰমিক সকলক কামত নিয়োগ কৰাক লৈ সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । সংগঠনটোৰ দাবী দিনৰ দুই বজাত চাহ বাগিচাৰ সকলো কাম কাজ বন্ধ কৰাৰ লগতে চাহ বাগিচাত কৰ্মৰত সকলো শ্ৰমিকক সম্পূৰ্ণ হাজিৰা প্ৰদান কৰিব লগে ।

লগতে পঢ়ক: গোৱালপাৰাত ক’ভিড ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেঞ্চ সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.