ETV Bharat / state

ঢোল-পেঁপাৰ মাতেৰে টিংখাঙৰ ৰাজপথত আবতৰীয়া বিহু !

টিংখাঙৰ ৰাজপথত বিধায়ক বিমল বড়াক বিপুল আদৰণি ৷ বিজেপি-অগপ মিত্ৰজোঁটৰ টিংখাং সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে বিমল বড়াই ৷

author img

By

Published : Mar 10, 2021, 10:49 PM IST

ঢোল-পেঁপাৰ মাতেৰে টিংখাঙৰ ৰাজপথত আদৰণি বিমল বড়াক

টিংখাং,10 মাৰ্চ: টিংখাঙৰ ৰাজপথত আজি দেখা গ’ল আগতীয়া ৰঙালীৰ দৃশ্য ৷ চৌদিশে কেৱল ঢোল, পেঁপা, গগণা, মাদলৰ ধ্বনি ৷ বিহু, ঝুমুৰ, দেউচি, হোলী আদি নৃত্যৰ দলে নৃত্য কৰি আদৰি অনা হৈছে টিংখাঙৰ বিধায়ক বিমল বড়াক ৷

সহস্ৰাধিক লোকে পিছে পিছে বিমল বড়া জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, নৰেন্দ্ৰ মোডী জিন্দাবাদ, টিংখাঙত পুনৰবাৰ বিমল বড়া জিন্দাবাদ ধ্বনি দি আগবাঢ়ি আহে ৷ পুষ্পবৃষ্টিৰে আদৰি আনে বিধায়ক বিমল বড়াক ৷ প্ৰায় এক কিল’মিটাৰ পথ শোভাযাত্ৰা কৰি ৰাজগড়স্থিত নিধিবন বিবাহ ভৱনত উপস্থিত হয় বিধায়কগৰাকী ৷

টিংখাঙৰ ৰাজপথত বিধায়ক বিমল বড়াক বিপুল আদৰণি

নিধিবন বিবাহ ভৱনত বিজেপি-অগপ মিত্ৰজোঁটৰ টিংখাং সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে বিধায়ক বিমল বড়াই ৷ ইয়াৰ পূৰ্বে বিজেপি আৰু অগপৰ পতাকা উত্তোলন কৰে ক্ৰমে তিলেশ্বৰ চাংমাই আৰু সুবোধ কুমাৰ গগৈয়ে ৷ কাৰ্যালয় মুকলিৰ পিছত ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ কৰে ৷ কাৰ্যালয় মুকলিৰ পিছতে বিধায়ক বিমল বড়াই ৰাইজৰ সৈতে মত বিনিময়ো কৰে ৷

লগতে পঢ়ক : 5 কিল’মিটাৰ পদযাত্ৰাৰে ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.