ETV Bharat / state

টিংখাঙত ক'ভিড-১৯ সন্দৰ্ভত সজাগতা অভিযান

ক'ভিড-১৯ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে টিংখাঙত সোণোৱাল কছাৰী জাতীয় পৰিষদে সজাগতা অভিযান আৰম্ভ কৰিছে । শুকুৰবাৰে এই অভিযানৰ শুভাৰম্ভণি কৰে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাহী সদস্য দীপুৰঞ্জন মাৰ্কাৰীয়ে । সোণোৱাল কছাৰী জাতীয় পৰিষদৰ তৰফৰ পৰা মাস্ক, হেণ্ডৱাচ, ছেনিটাইজাৰ বিতৰণ কৰা হয় ।

Sonowal kachari jatiya parishad awareness programme
টিংখাঙত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সজাগতামূলক কাৰ্যসূচী
author img

By

Published : May 8, 2021, 10:50 AM IST

টিংখাং,৮ মে': বৰ্তমান কৰ'ণা মহামাৰীৰ পৰা ৰক্ষা পৰিবলৈ সাৱধানতা অৱলম্বন কৰাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে চৰকাৰ তথা বিভিন্ন দল-সংগঠনে । শুকুৰবাৰে ডিব্ৰুগড়ৰ টিংখাঙত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ কেন্দ্ৰীয়, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু চহৰীকটা আঞ্চলিক সমিতিৰ সহযোগত ক'ভিড-১৯ সন্দৰ্ভত এক সজাগতা অভিযান আৰম্ভ কৰা হয় ।

Sonowal kachari jatiya parishad awareness programme
টিংখাঙত সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সজাগতামূলক কাৰ্যসূচী

পুৰণি শলগুৰি প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । এই সভাতে অভিযানৰ শুভাৰম্ভ কৰে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাৰ্কাৰীয়ে । ইয়াৰ পিছতে সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সদস্যসকলে গাঁৱখনত ঘৰে ঘৰে গৈ মাস্ক, হেণ্ডৱাচ, ছেনিটাইজাৰ আদি সামগ্ৰী বিতৰণ কৰে । লগতে সকলোকে মাস্ক পৰিধান কৰিবলৈও আহ্বান জনায় ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মি ৰেখা সোণোৱাল, সোণোৱাল কছাৰী জাতীয় পৰিষদ সচিবপ্ৰধান চন্দন সোণোৱাল । লগতে গকুল বৰা, ভূৱন সোণোৱাল, গৌৰী বৰা, শান্তনু সোণোৱাল, বিশ্বজিৎ সোণোৱালকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: কমলপুৰত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.