ETV Bharat / state

বিশ্ব শান্তি সন্মান লাভ কৰিলে মৰাণৰ সীমান্ত গগৈয়ে - কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ছবি

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণৰ সীমান্ত গগৈয়ে । ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চি বহল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সীমান্ত গগৈয়ে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।

simanta-gogoi-received-global-shanti-sanman-2021-award
বিশ্ব শান্তি সন্মান লাভ কৰিলে মৰাণৰ সীমান্ত গগৈয়ে
author img

By

Published : Apr 22, 2021, 10:40 PM IST

মৰাণ,22 এপ্ৰিল: মৰাণলৈ গৌৰব কঢ়িয়াই আনিলে চিত্ৰশিল্পী সীমান্ত গগৈয়ে ৷ ১৮ এপ্ৰিলত বৈকল্পিক চিকিৎসা পদ্ধতি বিকাশ সংস্থা ইণ্ডিয়া আৰু ৱৰ্ল্ড বুক অৱ ষ্টাৰ ৰেকৰ্ড তথা নিৰোগৰ তত্বাৱধানত বিশ্ব শান্তি সন্মিলন কাশ্মীৰত অনুষ্ঠিত হয় । কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চ চেণ্টাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ১০ খন দেশৰ ভিতৰত মৰাণৰ সীমান্ত গগৈয়ে সামাজিক কৰ্ম আৰু শিল্পকলাৰ বাবে অসমৰ হৈ "Global Shanti Samman2021" (বিশ্ব শান্তি সন্মান) গ্ৰহণ কৰে ।

উক্ত অনুষ্ঠানত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদ, কেবিনেট মন্ত্ৰী ডঃ দীনেশ উপাধ্যায়, ৱৰ্ল্ড বুক অৱ ষ্টাৰ ৰেকৰ্ডৰ নিৰ্দেশক ডঃ ৰাজীৱ পাল, নিৰোগ ভাটিকাৰ মুখ্য সঞ্চালক কপিল ৰাব, কাশ্মীৰৰ উপ মুখ্যমন্ত্ৰী কভিন্দৰ গুপ্তা উপস্থিত থাকে ।

simanta-gogoi-received-global-shanti-sanman-2021-award
বিশ্ব শান্তি সন্মান লাভ কৰিলে মৰাণৰ সীমান্ত গগৈয়ে

মন কৰিবলগীয়া যে, ভাৰতীয় সংবিধানৰ ধাৰা ৩৭০ ধাৰা আঁতৰি যোৱাৰ পিছত শান্তি প্ৰতিষ্ঠাৰ বাবে পোনপ্ৰথমবাৰৰ বাবে কাশ্মীৰত বিশ্ব শান্তি সন্মিলন অনুষ্ঠিত কৰা হয় ।

উল্লেখ্য যে, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰাণৰ সীমান্ত গগৈয়ে । ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চি বহল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এখন ছবি জুইৰে অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সীমান্ত গগৈয়ে নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: লক ডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.