ETV Bharat / state

অইলৰ কৰ্মকাণ্ড দেখি ক্ষোভ প্ৰকাশ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াৰ - কণ্ডেনচেট অইল

কণ্ডেনচেট অইলত প্ৰথমবাৰ বস্তাটো ডুবাই দিয়াৰ লগে লগে সমগ্ৰ বস্তাটো কণ্ডেনচেট অইলে আৱৰি ধৰিব। আকৌ দ্বিতীয়বাৰ পানীৰ বাহিৰে কেতিয়াও কণ্ডেনচেট অইল বস্তাটোৱে শুহিব নোৱাৰে ৷ এই কাৰ্য ৰাইজক আভুৱা ভৰাৰ বাহিৰে আন একো নহয় বুলি কয় বিজ্ঞানীগৰাকীয়ে ৷

scientist pradip kumar saikia reacts Expressing displeasure at seeing the oil activities
অইলৰ কৰ্মকাণ্ড দেখি ক্ষোভ প্ৰকাশ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াৰ
author img

By

Published : Jun 17, 2020, 3:51 PM IST

ডিব্ৰুগড়,17 জুনঃ বাঘজানৰ ঘটনা মাৰ নৌযাওতেই ঐতিহাসিক মাগুৰি বিলৰ পৰা কণ্ডেনচেট অইল বস্তাৰে টুকিবলৈ লোৱা আজৱ পদ্ধতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ৷এই সন্দৰ্ভত মতপোষণ কৰিছে বিশিষ্ট বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই ৷ এইয়া অইলৰ অতি নিৰ্লজ্জ কাণ্ড বুলি কৈ এশবছৰ ধৰি কৰিলেও সম্ভৱ নহয় বুলি মন্তব্য কৰে বিজ্ঞানীগৰাকীয়ে ৷ কণ্ডেনচেট অইলত প্ৰথমবাৰ বস্তাটো ডুবাই দিয়াৰ লগে লগে সমগ্ৰ বস্তাটো কণ্ডেনচেট অইলে আৱৰি ধৰিব। আকৌ দ্বিতীয়বাৰ পানীৰ বাহিৰে কেতিয়াও কণ্ডেনচেট অইল বস্তাটোৱে শুহিব নোৱাৰে ৷ এই কাৰ্য ৰাইজক আভুৱা ভৰাৰ বাহিৰে আন একো নহয় বুলি কয় বিজ্ঞানীগৰাকীয়ে ৷ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই উপযুক্ত কেমিকেল ব্যৱহাৰ,ব্ৰাইঅডিগেডাৰী ব্যৱহাৰ আৰু ৰাসায়নিক পদ্ধতি অৱলম্বন কৰিবলৈ দাবী কৰে । ইয়াৰ লগতে তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তত এনে ঘটনাৰ সমাধানৰ বিষয়ে পুনৰবাৰ সংবাদ মাধ্যমক অৱগত কৰি মাগুৰি বিল ৰক্ষাৰ স্বাৰ্থত অত্যাধুনিক পদ্ধতিসমূহৰ বিষয়েও নিজৰ মন্তব্যত উল্লেখ কৰে ৷

অইলৰ কৰ্মকাণ্ড দেখি ক্ষোভ প্ৰকাশ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াৰ

উল্লেখযোগ্য যে,বিশ্বৰ সৰ্ববৃহৎ তৈল খনন সংস্থা আমেৰিকাৰ Halliburton Logging Serviceৰ জ্যেষ্ঠ বিজ্ঞানী,লণ্ডনৰ Schlumberger oil Field Service ৰ Principal Petrophysicist,ONGCৰ Geoscientistকে ধৰি ONGC ত প্ৰায় 150 টা OIL ৰ বাঘজানৰ পৰা ধৰি যোধপুৰলৈকে প্ৰায় 20 টা আমগুৰিৰ Canaro Resource Ltd ৰ সকলো খাদ, Reliance Industry ৰ মধ্যপ্ৰদেশৰ প্ৰথম কেইটা CBM খাদ,আফ্ৰিকাৰ দ্বিতীয় সৰ্ববৃহৎ তেল উৎপাদনকাৰী য়দেশ আংগ'লাৰ চৰকাৰী প্ৰায় 300 খাদৰ Petrophysical Report তৈয়াৰ কৰাৰ লগতে বিশ্বৰ বিভিন্ন তৈল খননৰ ক্ষেত্ৰত অভিজ্ঞতা থকা বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়াই বাঘজানৰ ঘটনাৰ পূৰ্বেও ভয়াৱহ আশংকা কৰি অইলক বিভিন্ন পৰামৰ্শ আগবঢ়াইছিল যদিও তেওঁক উপেক্ষা কৰিছিল অইল কৰ্তৃপক্ষই ৷ আনহাতে এতিয়া মাগুৰি বিলৰ কৰ্মকাণ্ড দেখি তেওঁ পুনৰ ক্ষোভিত হৈ পৰে ৷

লগতে পঢ়কঃক্ৰমাৎ তীব্রতৰ ৰকিবুল-প্ৰদ্যুতৰ যুঁজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.