ETV Bharat / state

খোৱাঙৰ চৰাইহাবিত বুঢ়ীদিহিং নৈ গৰাখহনীয়াই লৈছে কালৰূপ

author img

By

Published : Jun 11, 2021, 7:54 AM IST

বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ চৰাইহাবি গাঁৱত ৷ গৰাখহনীয়াৰ তাণ্ডৱত শ শ বিঘা কৃষিভূমি নদীত জাহ যোৱাৰ উপক্ৰম হোৱাত বিপাঙত পৰিছে গাঁওখনৰ কৃষিজীৱি ৰাইজ ৷

river-erosion-creating-havoc-in-charaihabi-of-dibrugarh-
বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে খোৱাঙৰ চৰাইহাবিত

মৰাণ, 11 জুন : বুঢ়ীদিহিং নৈৰ গৰাখহনীয়া (river erosion) ৰ কবলত পৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ (tingkhang lac) এখন গাঁও । প্ৰণিধানযোগ্য যে, টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনঠেঙীয়া গাঁও পঞ্চায়তৰ অধীনৰ খোৱাং ৩ নং চৰাইহাবি গাঁৱলৈ এতিয়া ভাবুকি কঢ়িয়াই আনিছে বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াই।

এই গৰাখহনীয়াত ইতিমধ্যেই জাহ গৈছে এটা অংগনবাদী কেন্দ্ৰৰ লগতে শ শ বিঘা কৃষিভূমি । সম্প্ৰতি পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে গাঁওবাসীয়ে । আৰু মাত্ৰ দহ মিটাৰমান গৰা খহিলেই এতিয়া নিচিহ্ন হৈ পৰিব গাঁওখনৰ মূল পথটো । উল্লেখযোগ্য যে, খামটিঘাট দলঙৰ নিচেই কাষতে হোৱা এই গৰাখহনীয়া ৰোধৰ বাবে কোনো ধৰণৰ হাতত ব্যৱস্থা লোৱা নাই সংশ্লিষ্ট বিভাগে ।

ইফালে, কৃষিজীৱি ৰাইজৰ কৃষিভূমি সমূহ নদীৰ বুকুত জাহ যোৱাত মূৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, পূৰ্বতে খহনীয়া কিছু কম আছিল যদিও খামটিঘাটত এখন পকী দলং নিৰ্মাণ হোৱাৰ পিছৰ পৰাই বৰ্তমান এই খহনীয়া তীব্ৰতৰ হৈছে । জীৱন-জীৱিকাৰ অস্তিত্ব সংকটত পৰা গাঁওবাসীয়ে এতিয়া, বিভাগীয় মন্ত্ৰীক খহনীয়া ৰোধৰ ব্যৱস্থা শীঘ্ৰে ল'বলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: কেনেকৈ আগবাঢ়িব নৱ গঠিত মটক স্বায়ত্ত শাসিত পৰিষদ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.