ETV Bharat / state

ডিব্ৰুগড়ৰ মেদেলা বনাঞ্চলত গড়ৰ আতংক - মানস অভয়াৰণ্য

ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা পশ্চিম ৰাজহ চক্ৰ তথা খোৱাং বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলখনৰ সমীপৰ গাওঁ সমূহত বিগত ৫-৬ দিনৰ পৰা গড়ৰ আতংকই বিৰাজ কৰিছে । বুঢ়ী দিহিং,চেঁচা আৰু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা বনাঞ্চল খনৰ চাপৰিত গো-পালক আৰু মহ-পালক সকলে প্ৰত্যক্ষ কৰি আহিছে গড়টো।

ডিব্ৰুগড়ৰ মেদেলা বনাঞ্চলত গড়ৰ আতংক
ডিব্ৰুগড়ৰ মেদেলা বনাঞ্চলত গড়ৰ আতংক
author img

By

Published : Mar 18, 2021, 12:35 PM IST

ডিব্ৰুগড়,18 মাৰ্চ: কাজিৰঙা অথবা মানস অভয়াৰণ্য নহয়,এইবাৰ ডিব্ৰুগড়ৰ মেডেলা সংৰক্ষিত বনাঞ্চলত গড় ৷ ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা পশ্চিম ৰাজহ চক্ৰ তথা খোৱাং বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলখনৰ সমীপৰ গাওঁ সমূহত বিগত ৫-৬ দিনৰ পৰা গড়ৰ আতংকই বিৰাজ কৰিছে । বুঢ়ী দিহিং,চেঁচা আৰু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা বনাঞ্চল খনৰ চাপৰিত গো-পালক আৰু মহ-পালক সকলে প্ৰত্যক্ষ কৰি আহিছে গড়টো। স্থানীয় লোকৰ অভিযোগ গড়টোৱে প্ৰায়ে চোচা লয় মানুহৰ মাজলৈ ৷ যাৰ ফলত আতংকিত হৈ পৰিছে লোক সকল ৷

ডিব্ৰুগড়ৰ মেদেলা বনাঞ্চলত গড়ৰ আতংক

ইতিমধ্যে বনাঞ্চলখনৰ ভিতৰত বন বিভাগৰ লগতে বন বিশেষজ্ঞৰ বৃহৎ দল এটাই গড়টো সুৰক্ষিত ভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰয়াস কৰিছে ৷ গড়টো ট্ৰেংকুলাইজ কৰিবলৈ অভিযান আৰম্ভ কৰিছে যদিও সক্ষম হোৱা নাই বন বিভাগ ৷ এই খবৰ বিয়পি পৰাৰ পাচতে গড়টো চাবলৈ বনাঞ্চলখনলৈ সোঁত বৈছে বহু লোকৰ ৷ অৱশ্যে বনৰীয়া হাতী তথা বিভিন্ন বনৰীয়া জীৱৰ বসতি বনাঞ্চলখনত প্ৰৱেশৰ ক্ষেত্ৰত সন্মূখৰ পৰা বাধা প্ৰদান কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: নাহৰকটীয়াত ডেৰ শতাধিক বিজেপি-কংগ্ৰেছ কৰ্মীৰ অগপত যোগদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.