Raijor Dol joining Program: ডিব্ৰুগড়ত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী - ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী
বৃহস্পতিবাৰে ডিব্ৰুগড়ত আয়োজন কৰা হয় ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী (Raijor Dol joining Program in Dibrugarh)৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে কেবাশতাধিক ৰাইজে ৷

ডিব্ৰুগড়, 4 আগষ্ট : ৰাজ্যত কেইবাটাও নিবাৰ্চনত পৰাজিত হ’লেও অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে নিজৰ সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো ৰাইজৰ দলৰ সংগঠনিক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড়ত আয়োজন কৰা হয় ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী (Raijor Dol joining Program in Dibrugarh) ।
এই কাৰ্যসূচীত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, উপ-সভাপতি দীপক শইকীয়া, মুখপাত্ৰ জ্ঞানশ্ৰী বৰা, জাতীয় যুৱশক্তিৰ সভাপতি লক্ষ্যজ্যোতি গগৈকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া । যোগদান কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে ।
যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলৰ কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে দলটোৰ সভাপতিৰ অখিল গগৈয়ে ।
সংবাদিকৰ আগত অখিল গগৈয়ে কয় যে দলৰ ভেঁটি শক্তিশালী কৰাৰ বাবে কাম কৰি থকা হৈছে । ৰাইজে দলটোক আদৰি লৈছে আৰু প্ৰতিখন জিলাতে যোগদান কাৰ্যসূচী হ’ব ৰাইজৰ দলৰ । উল্লেখযোগ্য যে এটা দিনৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ডিব্ৰুগড়লৈ আহি দলৰ সাংগঠনিক দিশ পৰ্যালোচনা কৰিছিল ।
কিন্তু বিজেপিৰ সভাপতিৰ পৰ্যালোচনা সভাৰ এটা দিনৰ পাচতে অখিল গগৈৰ উপস্থিতিত ডিব্ৰুগড়ৰ দুই শতাধিক ৰাইজে ৰাইজৰ দলত যোগদান কৰা বিষয়টো ৰাজনৈতিক মহলত চৰ্চিত বিষয় হৈ পৰিছে ।
লগতে পঢ়ক : AAP Joining Programme: উচিত সময়ত আপে অসমৰ শ্বহীদৰ ত্যাগক উচিত মৰ্যদা দিব : দ্বীপজ্যোতি গগৈ