ETV Bharat / state

আৰক্ষীৰ অভিযানত জব্দ  50 লক্ষাধিক টকাৰ গুটখা - Seal Godown

মৰাণত গুটখা ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান অব্যাহত প্ৰশাসনৰ ৷ প্ৰশাসনে চহৰখনত অতৰ্কিতে চলোৱা এক অভিযানত ছীল কৰে গুটখাৰ এক গুদাম ৷ অভিযানত জব্দ প্ৰায় 50 লক্ষাধিক টকাৰ গুটখা ৷

Raid godown against gutkha syndicate in moran dibrugarh assam etv bharat news
গুদাম ছীল
author img

By

Published : May 10, 2020, 1:48 PM IST

মৰাণ,১০ মে’ঃ ডিব্ৰুগড়ৰ মৰাণত দীৰ্ঘদিনৰ পৰা প্ৰশাসনৰ অজ্ঞাতে চলি আছে গুটখা জাতীয় সামগ্ৰীৰ বৃহৎ ছিণ্ডিকেট ৷ মৰাণৰ পৰা ৰাজ্যৰ ভিন্ন স্থানলৈ নিষিদ্ধ গুটখাৰ চোৰাং সৰবৰাহৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে প্ৰশাসনে এই ছিণ্ডিকেটৰ বিৰুদ্ধে চলাই এক অভিযান ৷ চহৰখনৰ স্থানীয় দল-সংগঠনে নিষিদ্ধ গুটখা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনোৱাৰ পিছত মৰাণ আৰু মৰাণহাট আৰক্ষীয়ে যুটীয়া অভিযান চলাই প্ৰায় ৫০ লক্ষাধিক টকাৰ গুটখা জব্দ কৰাৰ লগতে ছীল কৰে গুদামসমূহ । উল্লেখ্য যে, কিছুদিন পূৰ্বে সন্তোষ শ্বাহ আৰু সঞ্জয় শ্বাহ নামৰ দুজন ব্যৱসায়ীৰ গুদামত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ গুটখা । অভিযোগ অনুসৰি লক্​ ডাউনৰ সময়ত ব্যৱসায়ী দুজনে একাংশ দল-সংগঠন আৰু আৰক্ষীৰ লগত বুজাবুজিৰে এই সামগ্ৰীসমূহ অধিক দামত বিক্ৰী কৰি ব্যৱসায় চলাই আহিছিল ৷

গুটখাৰ বিৰুদ্ধে অভিযান

আনহাতে, মৰাণ ব্যৱসায়ী সন্থাই ব্যৱসায়ী দুজনক এই ব্যৱসায়ৰ প্ৰতি উৎসাহ যোগোৱা বুলি একাংশ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছিল ৷ কিন্তু এক সংবাদমেলযোগে মৰাণ ব্যৱসায়ী সন্থাই উক্ত অভিযোগ অস্বীকাৰ কৰে ৷ লগতে ব্যৱসায়ী সন্থাৰ বিৰুদ্ধে সৰৱ চৰাইদেউ জিলাৰ এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱসায়ী সন্থাটোৱে মৰাণহাট আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷ মুঠৰ ওপৰত সচেতন ৰাইজ আৰু কিছুসংখ্যক জাতীয় সংগঠনৰ নেতাৰ দাবীত মৰাণত ডিব্ৰুগড় আৰু চৰাইদেউ জিলা প্ৰশাসনে নিষিদ্ধ গুটখাৰ বিৰুদ্ধে তদন্ত কৰি সফলতা লাভ কৰে ৷

লগতে চাওকঃ ৰেচনকাৰ্ডৰ উপভোক্তাই কেনেকৈ পালে আৰ্থিক সাহায্য !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.