ETV Bharat / state

আমাক নিৰাপত্তা দিয়ক: অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ প্ৰতিবাদ - চিকিৎসক বসন্ত কুমাৰ গোস্বামী

চিকিৎসক,চিকিৎসা কৰ্মীৰ নিৰাপত্তাৰ দাবীত, ইণ্ডিয়ান মেডিকেল এচচিয়েছনৰ আহ্বান মৰ্মে সমগ্ৰ দেশতে চিকিৎসক সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ শুকুৰবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়টো চিকিৎসক সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷

protest-by-doctors-at-assam-medical-college-hospital-dibrugarh
অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ প্ৰতিবাদ
author img

By

Published : Jun 18, 2021, 9:36 PM IST

ডিব্ৰুগড়,18 জুন: চিকিৎসা সেৱাৰ সতে জড়িত চিকিৎসক আৰু আন সকল কৰ্মীৰ নিৰাপত্তাকে ধৰি কেইবাটাও দাবীৰে সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতো চিকিৎসক সকলৰ প্ৰতিবাদ সাব্যস্ত ৷ ইণ্ডিয়ান মেডিকেল এচচিয়েছনৰ আহ্বান মৰ্মে চিকিৎসক নিগ্ৰহৰ প্ৰতিবাদত সমগ্ৰ দেশতে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷ চিকিৎসক, চিকিৎসা কৰ্মীৰ নিৰাপত্তাৰ দাবীত কেইবাটাও দফাৰে আইন গৃহীত কৰিবলৈ দাবী জনাই সমগ্ৰ দেশতে এই প্ৰতিবাদ সাব্যস্ত কৰিছে চিকিৎসক সকলে ৷ ইয়াৰ মাজতে শুকুৰবাৰে দিনটোত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বহি: চিকিৎসা বিভাগৰ সন্মূখত চিকিৎসক সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উল্লেখ যে, শেহতীয়াকৈ অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ক'ভিডৰ চিকিৎসাৰ মাজতে চিকিৎসকক একাংশ উদণ্ড লোকে আক্ৰমণ কৰাৰ বিভিন্ন ঘটনাৰ পোহৰলৈ অহাৰ পাছতে চৰম নিৰাপত্তাহীনতাত ভুগিছে চিকিৎসক সকল ৷ যাৰ পৰিপ্ৰেক্ষিতত দেশৰ চিকিৎসক সংগঠনে এইদৰে বিভিন্ন দাবীৰে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ প্ৰতিবাদ

উল্লেখ্য যে, দেশৰ আন বহু ঠাইৰ সমান্তৰালকৈ অসমতো কিছুদিন পূৰ্বে ক'ভিডৰ ভয়াৱতাৰ মাজতে ৰাইজৰ সেৱাৰ্থে অহৰহ কাম কৰি যোৱা দুগৰাকী চিকিৎসক গণ আক্ৰমণৰ বলি হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ শেহতীয়াকৈ বিশ্বনাথ চাৰিআলিৰ মাজুলীগড় চাহ বাগিচা (Majuligarh Tea Estate)ৰ চিকিৎসক বসন্ত কুমাৰ গোস্বামী আৰু হোজাই জিলাৰ উদালীৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসক সেউজ কুমাৰ সেনাপতি নামৰ চিকিৎসক দুগৰাকীক একাংশ লোকে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷ এই দুই ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজ ৷ ইতিমধ্যেই উক্ত দুই ঘটনাত জড়িত দোষীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষী-প্ৰশাসনে ৷ ৰোগীৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অহৰহ নিজৰ সেৱা আগবঢ়াই যোৱা চিকিৎসক সকলৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি সততে অহা এইধৰণৰ ভাবুকিয়ে শংকিত কৰিছে চিকিৎসক সকলক ৷ যাৰ পৰিপেক্ষিতত চিকিৎসা সেৱাৰ সতে জড়িত চিকিৎসক আৰু আন সকল কৰ্মীৰ নিৰাপত্তাকে ধৰি কেইবাটাও দাবীৰে সমগ্ৰ দেশতে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে চিকৎসক সকল ৷

লগতে পঢ়কঃ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.