ETV Bharat / state

ধান বিক্ৰীৰ ধনেৰে চাচনীৰ ৰাইজৰ অভিনৱ প্ৰতিবাদ - নাহৰকটীয়া চাচনীৰ এদল ৰাইজ

ৰাজপথৰ আন্দোলনৰ লগতে পাচিয়ে পাচিয়ে ধান লৈ ৰাজপথলৈ ওলাই আহিল নাহৰকটীয়া চাচনীৰ এদল ৰাইজ ৷ এই আইন বাতিলৰ দাবীত ৰাজ্যৰ বহুসংখ্যক দল সংগঠনে ন্যায়ালয়ত তৰা এই ন্যায়িক যুঁজখন অবিৰামভাৱে চলাই যাবলৈ সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে বৃহত্তৰ চাচনীবাসী ৷

Protest against CAA at Naharkatiya
ধান বিক্ৰীৰ ধনেৰে চাচানীৰ ৰাইজৰ অভিনৱ প্ৰতিবাদ
author img

By

Published : Jan 12, 2020, 3:19 PM IST

ডিব্ৰুগড়, 12 জানুৱাৰীঃ হাজাৰ প্ৰতিবাদকো নেওচি যোৱা 10 জানুৱাৰী 2020ৰ পৰা সমগ্ৰ দেশতে বলৱৎ হৈছে নাগৰিকত্ব সংশোধনী আইন 2019 ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰি প্ৰকাশ কৰিছিল এই কথা ৷

কিন্তু দেশ তথা ৰাজ্যত আজিও তীব্ৰতৰ নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ ৷ ঠায়ে ঠায়ে অভিনৱ প্ৰতিবাদৰে উত্তাল সমগ্ৰ ৰাজ্য ৷ এইবাৰ ৰাজপথৰ আন্দোলনৰ লগতে পাচিয়ে পাচিয়ে ধান লৈ ৰাজপথলৈ ওলাই আহিল নাহৰকটীয়া চাচনীৰ এদল ৰাইজ ৷ ধান বিক্ৰী কৰি পোৱা ধনেৰে ন্যায়িক যুঁজখনৰ বাবেও সাজু এই চাচনীবাসী ৷ আনকি প্ৰয়োজনত মূৰৰ ঘাম মাটিত পেলাই বছৰটোৰ বাবে চপোৱা সোণগুটি কেইটাও জাতি ৰক্ষাৰ বাবে আগবঢ়াই দিবলৈ সাজু হৈছে চাচনীবাসী ৷ এখন বিশেষ বেনাৰেৰে অভিনৱ প্ৰতিবাদ গাঁৱবাসীৰ ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিবেচনাৰ আঁওতাত এতিয়া এই সংশোধিত নাগৰিকত্ব আইন ৷ এই আইন বাতিলৰ দাবীত ৰাজ্যৰ বহুসংখ্যক দল সংগঠনে ন্যায়ালয়ত তৰা এই ন্যায়িক যুঁজখন অবিৰামভাৱে চলাই যাবলৈ সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে বৃহত্তৰ চাচনীবাসী।

ধান বিক্ৰীৰ ধনেৰে চাচানীৰ ৰাইজৰ অভিনৱ প্ৰতিবাদ

আনহাতে গাঁওবাসীয়ে সংগ্ৰহ কৰা এই সোণগুটি অহা 18 জানুৱাৰীত চাচনী মেৰবিলত চাচনীবাসীয়ে আয়োজন কৰা সিংহনাদত ৰাইজৰ চকুৰ সন্মুখতে বিক্ৰী কৰি পোৱা সেই ধন ন্যায়িক যুজঁৰ বাবে প্ৰদান কৰিব আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ হাতত ৷ ইফালে চাচনীবাসীৰ এই অভিনৱ পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে চাচনীবাসীৰ হুংকাৰ 'কা' আমি নুবুজোঁ, 'কা' আমি নামানোঁ লাগিলে তেজ দিম কিন্তু এই আইন গৃহীত কৰিবলৈ দিয়া নহব।

আৰু পঢ়কঃৰাজ্যজুৰি আছুৰ নেতৃত্বত জোঁৰ সমদল

Intro:ধান বিক্ৰীৰ ধনেৰে চাচনীবাসী সাজু হৈছে কা'ৰ বিৰুদ্ধে আইনী যুঁজ দিবলৈঃ

ৰাজ্যত চলি থকা 'কা' আন্দোলনৰ মাজতে পাচিয়ে পাচিয়ে ধান লৈ ৰাজপথলৈ ওলাই আহিছে নাহৰকটীয়া চাচনীৰ এডল ৰাইজ ।কিন্তুু কিয় হঠাতে হাতত ধানলৈ ৰাজপথলৈ ওলাই আহিব লগা হল গাওঁৰ পুৰুষ মহিলা সকল? আমাৰ এক প্ৰতিবেদন।

Vo: ৰাজ্যত আজিও তীব্ৰতৰ হৈ আছে 'কা' বিৰুধী প্ৰতিবাদ ।এইবাৰ ৰাজপথৰ আন্দোলনৰ লগতে ধান বিক্ৰী কৰি পোৱা ধনেৰে ন্যায়িক যুজঁৰ খনৰ বাবেও সাজু চাচনী। আনকি প্ৰয়োজনত মূৰৰ ঘাম মাটিত পেলাই বছৰটোৰ বাবে চপোৱা সোণগুটি কেইটাও জাতি ৰক্ষাৰ বাবে আগবঢ়াই দিবলৈ সাজু হৈছে চাচনীবাসী
- হয় প্ৰথমে চাওঁক এইখন বিশেষ বেনাৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিবেচনাৰ আওতাত এতিয়া 'কা' আইন । 'কা' বাতিলৰ দাবীত ৰাজ্যৰ বহুসংখ্যক দল সংগঠনে ন্যায়ালয়ত তৰা এই ন্যায়িক যুঁজখন অবিৰামভাৱে চলাই যাবলৈ সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছে বৃহত্তৰ চাচনীবাসী। উল্লেখ্য যে ৮৫ খন ৰাজহ গাওঁৰে গঠিত হৈছে চাচনী মৌজা আৰু এই চাচনীৰ সকলো পুৰুষ মহিলা একত্ৰিত হৈ আইনী যুজঁ চলাই নিবলৈ চাচনী অঞ্চলৰ সকলোৰে ঘৰে ঘৰে গৈ ১ ডোনকৈ ধান সংগ্ৰহ কৰি বৰ্তমানৰ লৈকে সংগ্ৰহ কৰিছে ৪০০ কুইণ্টলতকৈ অধিক ধান, অৰ্থাৎ বজাৰ মূল্য হিচাপে চাবলৈ গলে প্ৰায় ৪ লাখ টকা।

Byte - গাওঁবাসী ।

Vo2 - আনহাতে গাওঁবাসীয়ে সংগ্ৰহ কৰা এই সোণগুটি অহা ১৮ জানুৱাৰীত চাচনী মেৰবিলত চাচনীবাসীয়ে আয়োজন কৰা সিংহনাদত ৰাইজৰ চকুৰ সন্মুখতে বিক্ৰী কৰি পোৱা সেই ধন ন্যায়িক যুজঁৰ বাবে প্ৰদান কৰিব আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ হাতত। ইফালে চাচনীবাসীৰ এই অভিনৱ পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে চাচনীবাসীৰ হুংকাৰ 'কা' আমি নুবুজোঁ, 'কা' আমি নামানোঁ লাগিলে তেজ দিম কিন্তু এই আইন গৃহীত কৰিবলৈ দিয়া নহব।

Byte - গাওঁবাসী ।

------ Minhaj Ahmed, NaharkatiaBody:DOConclusion:DO
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.