ETV Bharat / state

শীঘ্ৰেই ডাবল চেঞ্চুৰীৰ দিশে তেলৰ মূল্য

author img

By

Published : Apr 7, 2021, 10:34 PM IST

ডাবল চেঞ্চুৰী মৰাৰ দিশে গতি কৰিছে খোৱা তেলৰ মূল্যই ৷ বজাৰত 160 টকাৰ পৰা 180 টকালৈ বাঢ়িছে মিঠাতেলৰ দাম ৷ ইয়াৰোপৰি খোৱা তেলৰ শ্ৰেণীভুক্ত ৰাইচ বাৰ্ন, চয়াবিন, ভেজিটেবল অইল, প্লাম অইলৰ মূল্যও প্ৰতিদিনে বৃদ্ধি পাইছে ৷

price-hike-in-edible-oil
খোৱা তেলৰ মূল্যবৃদ্ধি

মৰাণ,7 এপ্ৰিল: ৰাজ্যত নিৰ্বাচনী ব্যস্ততাৰ মাজতে বজাৰত আৰম্ভ হৈছে সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ নিত্য ব্যৱহাৰ্য ৰন্ধনত ব্যৱহৃত অৰ্থাৎ খোৱা তেলৰো এতিয়া বজাৰত জুই চাই দাম ৷

ইন্ধনৰ বিপৰীতে এইবাৰ আহি পৰিছে খোৱা তেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগ ৷ বিগত বৰ্ষতকৈ এইবাৰ মিঠাতেলৰ প্ৰতি লিটাৰৰ দাম বৃদ্ধি পাইছে 50 টকাকৈ ৷ মিঠাতেলৰ দাম এতিয়া বজাৰত 160 টকাৰ পৰা 180 টকা ৷ কেৱল মিঠাতেলেই নহয়, খোৱাতেলৰ শ্ৰেণীভুক্ত ৰাইচ বাৰ্ন, চয়াবিন, ভেজিটেবল অইল, প্লাম অইলৰ মূল্যও প্ৰতিদিনে বৃদ্ধি পাইছে ৷

উল্লেখ্য যে, কম বৰষুণৰ বাবে এইবাৰ তৈলজাত শস্যৰ উৎপাদন হ্ৰাস পাইছে ৷ বজাৰত খোৱা তেলৰ দাম বৃদ্ধি হোৱাৰ এইটোও এক কাৰণ বুলি ক’ব পাৰি । ইফালে ভাৰতে খোৱা তেল আমদানিৰ ক্ষেত্ৰত আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও আমেৰিকাই এতিয়া প্লাম অইল আৰু চয়াবিন তেল বায়’ডিজেল প্ৰস্তুত কৰিছে ৷ এই বাতৰি প্ৰকাশ হৈছে ইক’নমিক্স টাইমছ পত্ৰিকাত ৷

খোৱা তেলৰ মূল্যবৃদ্ধি

আনহাতে, এছেন্সিয়েল কম’ডিটিজ এক্টৰ সালসলনিৰে ইতিমধ্যে ভাৰত চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা বাতিল কৰে খোৱা তেল ৷ গতিকে আগন্তুক দিনত খোৱা তেলৰ মূল্য হ্ৰাস নহয়, বৰঞ্চ বৃদ্ধি পাব বুলিহে আশংকা কৰা হৈছে ৷

খাদ্য সামগ্ৰী বিতৰণৰ লগত জড়িত এগৰাকী পাইকাৰী ব্যৱসায়ীয়ে সদৰী কৰে খোৱা তেলৰ দামৰ অভূতপূৰ্ব বজাৰখনৰ কথা ৷ যদি খোৱা তেলৰ বজাৰত এনে নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ দৌৰাত্ম্য চলি থাকে, তেন্তে মিঠাতেলৰ দামে শীঘ্ৰেই ডাবল চেঞ্চুৰী মাৰি অভিলেখ গঢ়ি তুলিব ৷

লগতে পঢ়ক : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত তেজপুৰৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.