মৰাণ, 9 আগষ্ট : সোণাৰি বিধানসভা সমষ্টিৰ এখন গুৰুত্বপূৰ্ণ গাঁও হিচাপে পৰিচিত নাফুক গাঁও (Naphuk Gaon) ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ আদৰ্শ গ্ৰাম যোজনা (Adarsh Gram Yojana) আঁচনিত অন্তৰ্ভুক্ত হৈছিল এই গাঁওখন ৷ সোণাৰিৰ পৰা মাত্ৰ 5 কিল’মিটাৰ নিলগত ধোদৰ আলি আৰু আনফালে বৰাহী গাঁৱৰ মাজত অৱস্থিত এখন ঐতিহাসিক গাঁওখনত কিন্তু বৰ্তমানেও সুচল নহয় যাতায়ত ব্যৱস্থা ৷
‘আদৰ্শ গাঁও’ হিচাপে স্বীকৃতি লাভ কৰা নাফুক গাঁৱৰ বিধ্বস্ত বাট-পথে জ্বলা-কলা খুৱাইছে গাঁওবাসীক । কৃষিপ্ৰধান যদিও নাফুক গাঁৱৰ নৱপ্ৰজন্ম সাহিত্য-সংস্কৃতিৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈকে আগবঢ়া । তাৰ পাচতো সামগ্ৰিক উন্নয়ন হোৱা নাই গাঁওখনৰ ।
লগতে পঢ়ক : দক্ষিণ চতিয়াত পথৰ ওপৰত জাল মাৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ
বিশেষকৈ প্ৰায় 100 টাৰো অধিক পৰিয়ালে বাস কৰা গাঁওখনৰ মূল পথকেইটা আজিলৈকে নিৰ্মাণ নকৰিলে কোনো এখন চৰকাৰে । কি কংগ্ৰেছ, কি বিজেপি কোনো এখন চৰকাৰে নাফুক গাঁৱৰ বাট-পথ উন্নয়নৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পথৰ দুৰাৱস্থাই এতিয়া দুৰ্ভোগ ভোগাইছে গাঁওবাসীক ।
লগতে পঢ়ক : পথাৰত নহয় মাজ ৰাস্তাত ভূঁই ৰুলে ৰাইজে
পথ মেৰামতিক লৈ স্থানীয় জনপ্ৰতিনিধি কিম্বা চৰকাৰে চকু মুদা কুলিৰ ভাও ধৰাৰ বাবে অতিষ্ঠ হৈ পৰিছে গাঁওখনৰ জনসাধাৰণ । তাৰ পাচতো শীঘ্ৰেই গাঁওখনৰ মূল বাটপথৰ সমস্যাটো সমাধান কৰিব বুলি নৱ-নিৰ্বাচিত চৰকাৰখনৰ প্ৰতি আস্থা ৰাখিছে গাঁওখনৰ ৰাইজে । আনহাতে সাংসদ তপন গগৈৰ(Tapan Gogoi) গৃহ সমষ্টিত এইদৰে মুখ্যমন্ত্ৰীৰ আদৰ্শ গাঁও আঁচনি ধোঁৱাচাঙত উঠাৰ দৰে ঘটনাই যেন উন্নয়নৰ প্ৰকৃত ছবিখনকে দাঙি ধৰিছে ৷
লগতে পঢ়ক : য’ত ভাড়াত চলে এখন দলং...