ETV Bharat / state

Poor electricity condition: হায় শক্তি বিভাগ ! মেৰামতিৰ নামত বিদ্যুতৰ তাঁৰত ওলোমালে বটল ইটা চেণ্ডেল

author img

By

Published : Apr 30, 2023, 10:20 PM IST

হায় হায় ! বিদ্যুৎ বিভাগ ! উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ বিয়াগোম বিদ্যুৎ বিভাগটো চলিব লগা হৈছে সঁজুলিৰ অবিহনে। যাৰ ফলত বিদ্যুৎ পৰিবাহী লাইনত ওলমিছে বটল, চেণ্ডেল, ইটা (Poor electricity condition) !

Poor electricity department condition at Naharkatia
সঁজুলিৰ অভাৱত বিদ্যুৎ পৰিবাহী তাঁৰত ওলমিল চেণ্ডেল, ইটা, বটল

মৰাণ, 30 এপ্ৰিল: নাহৰকটীয়াৰ চাচনী অঞ্চলত বিদ্যুৎ বিভাগৰ পঁয়ালগা অৱস্থা (Poor electricity condition) ৷ বিভাগটোৰ চৰম গাফিলতিৰ বাবে প্ৰতিদিনে মৃত্যুৰ মুখত পৰিছে ৰাইজৰ পশুধন ৷ সঁজুলিৰ অভাৱত চেণ্ডেল, ইটা, বটল ব্যৱহাৰ কৰি বিদ্যুতৰ পৰিবাহী লাইনৰ কাম-কাজ চলাই নিব লগা হৈছে বিদ্যুৎ বিভাগৰ লোকে ৷

নাহৰকটীয়াৰ চাচনীৰ গুধাবিল গাঁৱৰ বহু লোকৰ ঘৰলৈ দিয়া বিদ্যুতৰ তাঁৰসমূহ বিদ্যুৎ লাইনৰ খুঁটাৰ পৰা সংযোগ দিয়াৰ পৰিৱৰ্তে তাঁৰসমূহ বিদ্যুৎ পৰিবাহী লাইনৰ মাজেৰে সংযোগ কৰি দিয়ে ৷ ফলত এতিয়া বিদ্যুৎ বিভাগৰ লোকে ব্যৱহাৰ কৰিছে ইটা, বটল ইত্যাদিবোৰ ৷ ইয়াৰ ওপৰিও বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটাত ব্যৱহাৰ কৰে চেন্দেল (Poor electricity department condition at Naharkatia)।

শনিবাৰে বিদ্যুৎ পৰিবাহী লাইনৰ খুঁটা মজবুত কৰি ধৰি ৰাখিবলৈ মাটিৰ পৰা বান্ধি ৰখা তাঁৰত বিদ্যুৎ প্ৰবাহ চালিত হোৱাত পোহনীয়া ম'হৰ মৃত্যুৰ মুখত পৰে। ইয়াৰ উপৰিও গাঁওখনৰ বিদ্যুৎ ট্ৰেন্সফৰ্মাৰটো বহু কম উচ্চতাত থকা আৰু সুৰক্ষাৰ বাবে কোনো ধৰণৰ ফেন্সিং বেৰৰ ব্যৱস্থা নথকাৰ ফলত এনে দুৰ্ঘটনা পূৰ্বেও সংঘটিত হৈ ৰাইজৰ পশুধন মৃত্যুৰ মুখত পৰিছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । এই ঘটনা সংঘটিত হোৱাৰ পিচতে গুধাবিল গাঁৱৰ ৰাইজে বিভাগটোৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ কিন্তু ইমানৰ পিচতো ঘটনাস্থলীত বহু পলমকৈ বিভাগটোৰ লোক উপস্থিত হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ (Assam Power distribution news)।

অৱশেষত ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ লোক চাচনী আৰক্ষীৰ সৈতে উপস্থিত হোৱাত অঞ্চলটোৰ শতাধিক লোকে জবাবদিহি কৰে বিভাগটোৰ লোকক । আনহাতে নাহৰকটীয়া বিদ্যুৎ বিভাগৰ দায়িত্বত থকা কৰ্মচাৰীয়ে বিদ্যুৎ পৰিবাহী লাইনৰ কাম-কাজৰ বাবে ব্যৱহাৰ হোৱা সঁজুলিবোৰ বিভিন্ন অঞ্চলত বতাহ-ধুমুহাৰ ফলত বিদ্যুতৰ তাঁৰ, খুঁটাৰ বিস্তৰ ক্ষতি হোৱাৰ বাবে বিভিন্ন এলেকাত লগাব লগীয়া হোৱাত নাটনি হৈছে মত প্ৰকাশ কৰে ৷

সম্প্ৰতি গাঁওখনৰ লোকসকলৰ লগতে জীৱ-জন্তুৱেও অসুৰক্ষিত বিদ্যুৎ ব্যৱস্থাৰ ফলত ভয়াবহ পৰিস্থিতিৰ সৈতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। এতিয়া বিভাগটোৰ কৃৰ্তপক্ষই ৰাইজৰ লগতে জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে কেতিয়া উপযুক্ত সঁজুলি ব্যৱহাৰ কৰি ব্যৱস্থা ল'ব সেইয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: Rupjyoti Kurmi on trend: এইবাৰ সমষ্টিবাসীক বিধায়ক ৰূপজ্যোতিয়ে খুৱালে 100 কেজি ওজনৰ লাডু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.