ETV Bharat / state

বিজেপিৰ সভাত উপস্থিত হৈ শিক্ষকে অৱমাননা কৰিলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ! - আছু

মৰাণৰ লেঙেৰীত বিজেপিৰ যোগদান সভাত অংশ লৈ দল-সংগঠনৰ সমালোচনাৰ সন্মুখীন হৈছে এজন বিদ্যালয়ৰ অধ্যক্ষ ৷ বিদ্যালয় এৰি ৰাজনৈতিক সভাত ব্যস্ত থকা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অৱমাননাৰো অভিযোগ ৷

Organizations criticized a teacher who attending a political meeting
বিজেপিৰ সমৰ্থক হৈ শিক্ষকে অৱমাননা কৰিলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ
author img

By

Published : Oct 7, 2021, 7:39 PM IST

মৰাণ, 7 অক্টোবৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক সকলক নিৰ্দেশ দিছিল যে কোনোৱেই ৰাজনৈতিক দলৰ হৈ কাম কৰিব নোৱাৰিব । বিদ্যালয় এৰি ৰাজনৈতিক সভাত ব্যস্ত থকা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে । পিছে কাৰ্যত মুখ্যমন্ত্ৰীৰ এই কথালৈ যেন কোনো কেৰেপেই নকৰে ৰাজ্যৰ একাংশ শিক্ষকে । শেহতীয়াকৈ মৰাণৰ লেঙেৰীত বিজেপিৰ এখন দলীয় সভাত এখন বিদ্যালয়ৰ অধ্যক্ষই অংশ লৈ সমালোচনাৰ সন্মুখীন হ'ল দল সংগঠনৰ ।

উল্লেখযোগ্য যে, টিংখাং সমষ্টিৰ মৰাণৰ লেঙেৰীত শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ এখন যোগদান সভা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত অনুষ্ঠিত হয় । সভাত টিংখাং আছুৰ প্ৰাক্তন সভাপতি সহঃ কেইবাটাও জাতীয় সংগঠনৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে । উক্ত যোগদান সভাতে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈয়ে অংশগ্ৰহণ কৰাৰ বিষয়টোকলৈ এতিয়া টিংখাঙত বিভিন্ন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

বিজেপিৰ সভাত উপস্থিত হৈ শিক্ষকে অৱমাননা কৰিলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

বিদ্যালয়ৰ অধ্যক্ষজনে এই সভাত কেৱলমাত্ৰ অংশ গ্ৰহণ কৰাই নহয় মন্ত্ৰী বিমল বৰাৰ সৈতে নৱাগত সকলক দলীয় গামোচা আৰু টুপী পিন্ধাই উষ্ম আদৰণি জনায় ।

ইয়াৰ পিছতে, এতিয়া আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক,ৰাজগড়ৰ আৰু টিংখাং আঞ্চলিক সমিতিয়ে তীব্ৰ গৰিহণা দিয়াৰ লগতে এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষই কেনেকৈ বিজেপি দলীয় সভাত অংশগ্ৰহণ পৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে । আনহাতে, সকলো শিক্ষকক ৰাজনৈতিক বৃত্তৰ পৰা আঁতৰি আহি টিংখাঙত সুন্দৰ শৈক্ষিক পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনাইছে আছুৱে ।

লগতে পঢ়ক : পুত্ৰ আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাচতে শ্বাহৰুখ খানলৈ সমৰ্থন বলীউড তাৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.