ETV Bharat / state

ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰিছে এদল সেনানীয়ে

author img

By

Published : May 31, 2021, 8:45 PM IST

Updated : Jun 2, 2021, 4:10 PM IST

ডিব্ৰুগড়ত পৌৰসভাৰ চাফাই কৰ্মী তথা ‘প্ৰয়াস’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলৰ প্ৰশংসনীয় পদক্ষেপ ৷ জিলাখনত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা সকলো লোকৰে শেষকৃত্য সম্পন্ন কৰিছে এই সেনানী দলটোৱে ।

organization-members-doing-last-rites-of-covid-death-bodies
ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰ এদল সেনানীৰ

ডিব্ৰুগড়, 31 মে’: ডিব্ৰুগড়ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ শেষকৃত্য সম্পন্ন কৰাত আগভাগ লৈছে পৌৰসভাৰ চাফাই কৰ্মী তথা ‘প্ৰয়াস’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে ৷ নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ শেষকৃত্য সম্পন্ন কৰি গৈছে এইদল সেনানীয়ে ।

ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰিছে এদল সেনানীয়ে

আত্মীয় অবিহনে এইসকল যোদ্ধাই আক্ৰান্তসকলৰ অন্তিম ক্ষণৰ সাক্ষী হৈ ৰৈছে । হিন্দু ধৰ্মৰ লোকৰ মৃতদেহ হিন্দু ধৰ্মৰ ৰীতি-নীতিৰে আৰু ইছলাম ধৰ্মৰ লোকৰ মৃতদেহ ইছলাম ধৰ্মীয় ৰীতি-নীতিৰে সৎকাৰ কৰিছে দলটোৱে । ডিব্ৰুগড় জিলা প্ৰশাসনৰ অধীনস্থ নিয়োজিত হৈ আছে এই 12 জনীয়া দলটো । বিগত বৰ্ষৰ জুলাই মাহৰ পৰাই ক’ভিড আক্ৰান্তৰ মৃতদেহ সৎকাৰ কৰ্মত নিয়োজিত হৈ আছে এই দলটো । ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত বৰ্তমানলৈকে প্ৰায় ডেৰ শতাধিক ক’ভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰা বুলি জানিব পৰা গৈছে ৷

ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালৰ পৰা আঁতৰত থাকি সেৱা আগবঢ়াই যাব পৰাকৈ আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিছে প্ৰশাসনে । প্ৰতিদিনে ক’ভিড আক্ৰান্তৰ মৃতদেহ প্ৰত্যক্ষ কৰি ক’ভিডৰ ভয়াৱহতা উপলব্ধি কৰিছে এইসকল যোদ্ধাই । সেয়েহে সকলোকে সজাগ হ’বলৈ আহ্বান জনাইছে ক’ভিড যোদ্ধাৰ দলটোৱে ৷

লগতে পঢ়ক : কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্রৰ

Last Updated : Jun 2, 2021, 4:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.