ETV Bharat / state

নাহৰকটীয়াত ছাত্ৰীৰ আত্মহত্যা ঘটনাৰ নতুন মোৰ

author img

By

Published : Aug 17, 2022, 12:27 PM IST

Updated : Aug 17, 2022, 1:59 PM IST

নাহৰকটীয়াত ছাত্ৰী আত্মহত্যাৰ ঘটনাৰ নতুন মোৰ (Girl student suicided in Naharkatia) । আত্মহত্যা নহয়, ভাড়াঘৰৰ মালিকৰ পুত্ৰই হত্যা কৰিছিল ষষ্ঠ শ্ৰেণীৰ দীক্ষিতা গগৈক । শেহতীয়াকৈ পৰিয়ালৰ লোকৰ এজেহাৰৰ ভিত্তিত নাহৰকটীয়া আৰক্ষীয়ে হত্যাকাণ্ডৰ এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ভাড়াঘৰৰ মালিকৰ পুত্ৰক (Naharkatia police arrested one person related with murder) ।

student suicide
student suicide

মৰাণ, ১৭ আগষ্ট : নাহৰকটীয়াত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰৰ ঘটনাই লৈছে নতুন মোৰ (student Body found mysteriously in Naharkatia) । প্ৰকৃততে আত্মহত্যা নহয়, অতি পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ১৩ বছৰীয়া কিশোৰী দীক্ষিতা গগৈক । বিগত ৮ আগষ্টত নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা এটা ভাড়াঘৰত ডিঙিত চিপ লগোৱা অৱস্থাত উদ্ধাৰ হৈছিল চহৰখনৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত দীক্ষিতা গগৈ নামৰ ১৩ বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ ।

নাহৰকটীয়াত ছাত্ৰীৰ আত্মহত্যা ঘটনাৰ নতুন মোৰ

ঘৰত কোনো নথকা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰথমাৱস্থাত পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিছিল (Girl student suicided in Naharkatia)। স্থানীয় লোকেও অভিভাৱকে দিয়া অত্যধিক পঢ়াৰ বোজাৰ বাবেই ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰকাশ কৰিছিল (girl committed suicide due to burden of excessive reading) ।

পিছে এই ঘটনাৰ সাতটাকৈ দিন অতিক্ৰম কৰাৰ পিছত পোহৰলৈ আহিছে ঘটনাৰ প্ৰকৃত কাৰণ । আত্মহত্যা নহয়, প্ৰকৃততে হত্যা কৰা হৈছিল ১৩ বছৰীয়া কিশোৰী দীক্ষিতা গগৈক (13 year old girl Dikshita Gogoi murdered in Naharkatia) । মৃত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ ক্ৰমে বীণাপাণি গগৈ আৰু আদিত্য গগৈৰ অভিযোগৰ ভিত্তিত তেওঁলোকে বাস কৰা ভাড়াঘৰটোৰ গৰাকীৰ পুত্ৰ সুব্ৰত দেৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (son of owner of rented house arrested relating murder) ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ সুব্ৰতেই হত্যা কৰিছিল দীক্ষিতাক । কিন্ত কিয় হত্যা কৰা হ'ল ছাত্ৰীগৰাকীক ? ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ইফালে এই ঘটনা সন্দৰ্ভত মঙলবাৰে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই (Dibrugarh SP Shwetank Mishra) ঘটনা সংঘটিত হোৱা ভাড়াঘৰটো নিৰীক্ষণ এই ঘটনাৰ লগত ধৃত সুব্ৰত দেৱ জড়িত থকাৰ কেতবোৰ তথ্য লাভ কৰা বুলি প্ৰকাশ কৰি এই সংক্ৰান্তত অধিক তদন্ত চলাই আছে বুলি প্ৰকাশ কৰে ।

ইফালে ছাত্ৰীগৰাকীৰ মৃত্যু এক হত্যাকাণ্ড বুলি প্ৰচাৰ হোৱাত মঙলবাৰে সন্ধিয়া নাহৰকটীয়া থানাত একাংশ মহিলা উপস্থিত হৈ এই ঘটনাৰ তদন্ত ক্ষীপ্ৰতৰ কৰি তুলিবলৈ দাবী উত্থাপন কৰাৰ লগতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে থানা চৌহদত । পিছত ঘটনাস্থলীত নামৰূপৰ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বড়া আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ (Naharkatia MLA Tarang Gogoi) উপস্থিত হৈ উত্তেজিত জনতাক ক্ষান্ত কৰিবলৈ সক্ষম হয় ।

আনহাতে, কি কাৰণত দীক্ষিতাক হত্যা কৰি চিলিঙ ফেনত ওলোমাই ৰাখিবলগা হ'ল সেই সম্পৰ্কত আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই গঠন কৰি দিয়া বিশেষ তদন্ত দলে (SIT) দলে ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই নিব বুলি সদৰী কৰে ।

লগতে পঢ়ক :মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত পাঁচ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ

Last Updated : Aug 17, 2022, 1:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.