ETV Bharat / state

Assam Muga Silk Culture : কৰ্মৰ আদৰ্শৰে জিলিকিছে মাহমৰাৰ প্ৰাক্তন বিধায়কৰ এটা পৰিয়াল

author img

By

Published : Jul 9, 2023, 2:03 PM IST

মূল্যবোধৰ অৱক্ষয়ৰ মুগা পালনেৰে স্বাৱলম্বী মাহমৰা সমষ্টিৰ এটা প্ৰাক্তন বিধায়কৰ পৰিয়াল । চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত বুদ্ধ বৰুৱাৰ পৰিয়ালে পিতৃৰ পদাংক অনুসৰণ কৰি জীয়াই ৰাখিছে মুগা শিল্পক ।

Assam Muga Silk Culture
Assam Muga Silk Culture

এগৰাকী প্ৰাক্তন বিধায়কৰ পৰিয়ালৰ স্বাৱলম্বিতাৰ নিদৰ্শন

মৰাণ, ৯ জুলাই : বৰ্তমান ভোগসৰ্বস্ব ৰাজনীতিয়ে গ্ৰাস কৰিছে সৰ্বত্ৰে । সেয়া কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা পঞ্চায়ত স্তৰলৈকে এতিয়া সকলোতে দৃষ্টিগোচৰ হয় । ৰাজনৈতিক নেতাসকলে ক্ষমতা ভোগ কৰাৰ সময়ত বিভিন্ন চৰকাৰী সা-সুবিধা আদায় কৰাৰ উপৰি পদবীত নথকাৰ সময়তো সেই সুযোগ-সুবিধাবোৰ গ্ৰহণ কৰি থকাৰ প্ৰৱণতা বৃদ্ধি পাইছে । যাৰ ফলত দা-দৰমহাকে আদি কৰি পেঞ্চনলৈকে সকলো চৰকাৰী সুবিধা আজীৱন ভোগ কৰি থকাৰ এক অহৈতুক প্ৰীতিয়ে গা কৰি উঠিছে । একেদৰে এগৰাকী ৰাজনীতিকে তেওঁ লাভ কৰা সা-সুবিধাবোৰ প্ৰজন্মৰ পিছত প্ৰজন্মলৈ কঢ়িয়াই নিবলৈও যেন কুণ্ঠাবোধ নকৰে । যিটো আদৰ্শগত দিশত কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ।

কিন্তু এগৰাকী ৰাজনীতিক ৰাইজৰ প্ৰতিনিধি হোৱা বাবে তেওঁ হ'ব লাগে ৰাইজৰ আদৰ্শ, অনুপ্ৰেৰণা তথা সমাজৰ পথ প্ৰদৰ্শক । সেয়া লাগিলে চৰকাৰী স্তৰতেই হওক বা ব্যক্তিগত স্তৰত । কিন্তু তেনে ৰাজনীতিক পোৱাটো বাদেই বৰ্তমান কল্পনা কৰাটোও যেন পৰ্বতত কাছৰ কণী বিচৰাৰ লেখীয়া । অৱশ্যে তাৰ মাজতো দুই-এজন ব্যতিক্ৰমী ব্যক্তি আছে, যিয়ে ৰাজনৈতিক জীৱনৰ লগতে নিজৰ ব্যক্তিগত কৰ্মৰেও সমাজৰ আগত নিদৰ্শন সৃষ্টি কৰি থৈ গৈছে ।

আনহাতে, তেনে ৰাজনীতিকৰ পৰিয়ালো আছে, যিয়ে সেই আদৰ্শ পুৰুষানুক্ৰমিকভাৱে কঢ়িয়াই লৈ ফুৰিছে । কেৱল চৰকাৰী সা-সুবিধাৰ মুখাপেক্ষী হৈ নাথাকি স্বাৱলম্বীভাৱে জীৱন নিৰ্বাহ কৰাৰ লগতে আন দহজনৰ বাবেও অনুকৰণৰ থলী হৈ পৰিছে । হয়, এই পটভূমি তেনে এগৰাকী ৰাজনীতিক তথা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বাবেই । তেওঁ হৈছে মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত বুদ্ধ বৰুৱা আৰু তেওঁৰ পৰিয়াল ।

সুদীৰ্ঘ দিন মুগা পালনৰ সৈতে জড়িত হৈ বিৰল আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে এজন প্ৰাক্তন বিধায়কৰ এটা পৰিয়ালে ৷ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত বুদ্ধ বৰুৱাৰ পৰিয়ালে বিধায়কগৰাকীৰ পদাংক অনুসৰণ কৰিয়ে জীয়াই ৰাখিছে মুগা শিল্পক ৷ অবিভক্ত শিৱসাগৰ জিলাৰ ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ পৰা ১৯৭৮ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল মুক্তিযোদ্ধা বুদ্ধ বৰুৱা ৷

মাহমৰাৰ বৰচহকী গাঁৱৰ বাসিন্দা বুদ্ধ বৰুৱাই আৰচিপিআই (RCPI) দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ এখন চাইকেল লৈ সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা বুদ্ধ বৰুৱা কৰ্মত বিশ্বাসী আছিল ৷ সেয়ে ৰাজনীতিৰ সমান্তৰালভাৱে তেওঁ গাঁৱত কৃষিকৰ্ম আৰু মুগা পালনত ওতপ্ৰোতভাৱে জড়িত আছিল ৷ এটা অতি সাধাৰণ পৰিয়ালৰ সন্তান বুদ্ধ বৰুৱাৰ পদাংক গ্ৰহণ কৰি তেওঁৰ চাৰি পুত্ৰয়ো সৰুৰে পৰা ধৰি ৰাখিছে মুগা পালনৰ কৃষ্টিক ৷

ইফালে বিধায়কৰ পুত্ৰ হৈও পৰৱৰ্তী সময়ত কৃষিকৰ্ম আৰু মুগা পালনকে জীৱন-জীৱিকা হিচাপে বাছি লোৱা বুদ্ধ বৰুৱাৰ সৰু পুত্ৰ দিগন্ত বৰুৱাৰ এইখন চোম গছৰ বাগান ৷ সম্বন্ধীয় ভিনিহীয়েক ৰজনী ভূঞাৰ সৈতে দিগন্তই বছৰ বছৰ ধৰি জড়িত হৈ আছে মুগা পালনত ৷ আনহাতে, দিগন্ত বৰুৱাৰ উপৰি বুদ্ধ বৰুৱাৰ আনকেইজন পুত্ৰ ক্ৰমে নব্য বৰুৱা, প্ৰয়াত দৈব্য বৰুৱা আৰু দ্বিজেন বৰুৱাও মুগা পালনৰ সৈতে সুদীৰ্ঘদিন জড়িত ৷ এই মুগা পালনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে অসমৰ জাতীয় জীৱনলৈ অৰিহণা আগবঢ়াবলৈ সমৰ্থ হোৱাত তেওঁলোক অত্যন্ত সুখী ৷

নিশ্চতভাৱে মূল্যবোধৰ অৱক্ষয় হ'ব ধৰা বৰ্তমানৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এয়া এক শুভবাৰ্তা । লগতে নৱপ্ৰজন্মৰ বাবেও এক প্ৰেৰণা তথা আদৰ্শ এই পৰিয়ালটো । ক্ৰমান্বয়ে কৰ্মবিমুখ হৈ পৰা আমাৰ যুৱ সমাজৰ বাবে এয়া এক আশাৰ বতৰা, পথৰ সন্ধান । ইয়াৰ বাবে এই পৰিয়ালটো নিশ্চয়কৈ সাধুবাদৰ যোগ্য ।

লগতে পঢ়ক :Miss teen usa 2022: পিতৃভূমিত কিবা কৰাৰ ইচ্ছা পুহি ৰাখিছে প্ৰবাসী অসমীয়া ফাৰন মেধিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.