ETV Bharat / state

লুৰিণৰ কাগজৰ জাহাজ পানীত দিলেই ডুবিব: ৰামেশ্বৰ তেলী - ডিব্ৰুগড়

নাহৰকটীয়াৰ চাহ বাগিচাত দেওবাৰে বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এজেপি আৰু ৰাইজৰ দলক তীব্ৰ সমালোচনা সাংসদ ৰামেশ্বৰ তেলীৰ ৷ লুৰিণৰ জাহাজ কাগজৰ জাহাজ আৰু পানীত দিলেই ডুবি যাব বুলি মন্তব্য কৰে সাংসদ তেলীয়ে ৷

mp-rameswar-teli-criticised-lurinjyoti-gogoi
লুৰীণক আক্ৰমণ ৰামেশ্বৰ তেলীৰ
author img

By

Published : Mar 14, 2021, 8:32 PM IST

নাহৰকটীয়া,14 মাৰ্চ: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক শব্দবাণেৰে আক্ৰমণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে । দেওবাৰে ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ চাহ বাগিচাত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ লুৰিণক তীব্ৰ সমালোচনা কৰে সাংসদ তেলীয়ে ৷

সাংসদ তেলীৰ মতে, লুৰিণৰ জাহাজ কাগজৰ জাহাজ আৰু কাগজৰ জাহাজ পানীত দিলেই ডুবি যাব । কেইদিনমানৰ পাচতেই পানীত ডুবিব লুৰিণৰ কাগজৰ জাহাজ । ‘কা’ আন্দোলন হঠাৎ যেনেকৈ জ্বলিছিল আৰু নুমাইছিল, লুৰিণৰ জাহজখনো তেনেকৈয়ে পানীত ডুব যাব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

লুৰিণক আক্ৰমণ ৰামেশ্বৰ তেলীৰ

ইয়াৰ লগতে তেওঁ কয় যে, জাহাজ যিমানেই পানীত দিব সিমানেই ডুব যাব ৷ কিন্তু পদুম ফুল পানীত দিয়াৰ লগে লগে ওপৰলৈহে ফুলি উঠি আহে ৷ ইয়াৰোপৰি, অখিল গগৈৰ ৰাইজৰ দলকো আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ ৰামেশ্বৰ তেলীয়ে ।

তেওঁ কয় যে, অসমত ইমানেই দলৰ আৱিৰ্ভাৱ ঘটিছে যে নিৰ্বাচন আয়োগৰ ওচৰত প্ৰতীক চিহ্নই নোহোৱা হৈছে ৷ কোনোবাই ঝাড়ু, কোনোবাই তলা-চাবি আৰু আন কোনোবাই আকৌ কাগজৰ জাহাজ লৈ আহিছে । যাৰ বাবে অখিলৰ দলে চিহ্নই নাপালে ৷

বিজেপিৰ দিনত বাগিচা অঞ্চলত যথেষ্ট উন্নয়নমূলক কাম হোৱা বুলি উল্লেখ কৰি দুলীয়াজান আৰু নাহৰকটীয়া দুয়োটা সমষ্টিতেই প্ৰতিদ্বন্দ্বিতা কৰা লুৰিণে 3-6 হাজাৰহে ভোট লাভ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক: বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ দাবী ইফতাৰুল ইছলাম প্ৰামাণিকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.