ETV Bharat / state

নাৱেৰে বুঢ়ীদিহিং নদীৰ খহনীয়া পৰিদৰ্শন তৰংগ গগৈৰ - ডিব্ৰুগড় জিলাতো অব্যাহত আছে গৰাখহনীয়া

ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ডিব্ৰুগড় জিলাতো অব্যাহত আছে গৰাখহনীয়াৰ সংহাৰী ৰূপ ৷ ইয়াৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাৰ দৰেই জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ নাৱেৰে বুঢ়ীদিহিং নদীৰ খহনীয়া পৰিদৰ্শন কৰিলে বিধায়ক তৰংগ গগৈয়ে ৷

mla-tarang-gogoi-inspected-burhi-dihing-river-erosion-area-by-boat
বিধায়ক তৰংগ গগৈয়ে নাৱেৰে পৰিদৰ্শন কৰিলে বুঢ়ীদিহিং নদীৰ খহনীয়া
author img

By

Published : Aug 1, 2021, 7:41 PM IST

মৰাণ, 1 আগষ্ট : ৰাজ্য চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈ থকা সময়তে ডিব্ৰুগড়ৰ বুঢ়ীদিহিং নদীত সৃষ্টি হৈছে ব্যাপক খহনীয়া ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচতে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ডিব্ৰুগড়ৰ সকলো বিধায়কক লগত লৈ নাৱেৰে ডিব্ৰুগড় জিলাৰ গৰাখহনীয়া পৰিদৰ্শন কৰিছিল ৷ জলসম্পদ মন্ত্ৰীজনে ৰাজকীয়ভাৱে গৰাখহনীয়া পৰিদৰ্শন কৰাৰ পাচতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ডিব্ৰুগড়ৰ ৰাইজে আশা প্ৰকাশ কৰিছিল ৷ কিন্তু, এই পৰ্যন্ত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তেনে কোনো কাম ডিব্ৰুগড়ত আৰম্ভ হোৱা নাই ৷

বিধায়ক তৰংগ গগৈয়ে নাৱেৰে পৰিদৰ্শন কৰিলে বুঢ়ীদিহিং নদীৰ খহনীয়া

ইফালে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ পাচত এইবাৰ নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে দিলে চমক ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ দৰেই জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীক লৈ নাৱেৰে বিধায়কজনে পৰিদৰ্শন কৰিলে বুঢ়ীদিহিং নদীৰ খহনীয়া ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ জয়পুৰ নগাঘাটৰ পৰা আৰম্ভ হোৱা বুঢ়ীদিহিং নদীৰ এই খহনীয়াই জয়পুৰ মণিপুৰী বস্তি, নকতে গাঁও, নামফাকে, উত্তম মাটি, জাগুন আদিকে ধৰি চাচনীৰ বিভিন্ন অঞ্চল ক্ষতিগ্ৰস্ত কৰিছে ৷ বছৰ বছৰ ধৰি অব্যাহত থকা এই খহনীয়াৰ বাবে হাজাৰ হাজাৰ কৃষি ভূমি নদীত জাহ যোৱাৰ লগতে নিজৰ ঘৰ সম্পত্তি হেৰুৱাই সৰ্বস্বান্ত হৈছে শ শ লোক ৷

দেওবাৰে বিধায়ক গৰাকীয়ে নাৱৰ যোগেদি জয়পুৰ দৈনিক বজাৰৰ পৰা চাচনী টিকিৰা বালি ঘাটলৈকে বুঢ়ীদিহিঙৰ বুকুৱেদি নৌকা ভ্ৰমণ কৰি খহনীয়া পৰিদৰ্শন কৰে ৷ বিধায়ক তৰংগ গগৈয়ে জানিবলৈ দিয়া মতে, সমষ্টিটোত বিশ্ব বেংকৰ পুঁজিৰ পৰা প্ৰদান কৰা মুঠ 109 কোটি টকাৰে ৰূপায়ণ কৰা হ'ব গৰাখহনীয়া ৰোধ আৰু মথাউৰি পুনৰ নিৰ্মাণৰ কাম ৷

বিধায়ক গৰাকীয়ে প্ৰকাশ কৰা মতে, সমষ্টিটোৰ মুঠ 12 টা অঞ্চলৰ সৰ্বমুঠ 5.85 কিলোমিটাৰ দৈৰ্ঘৰ গৰাখহনীয়া ৰোধৰ কাম আৰম্ভ কৰাৰ লগতে সৰ্বমুঠ 32.95 কিলোমিটাৰ মথাউৰিৰ পুনৰ নিৰ্মাণ শক্তিশালীকৰণৰ বাবেও পুঁজি আৱণ্টন তথা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ মন্ত্ৰী বিধায়কে প্ৰতিশ্ৰুতি দিলেও গৰাখহনীয়াৰ পৰা নাহৰকটীয়াৰ ৰাইজ কেতিয়া ৰক্ষা পৰিব সেইয়া হে লক্ষ্যনীয় হ'ব ৷

লগতে পঢ়কঃ মূলসুঁতিলৈ ঘুৰি অহা সকলো উগ্ৰপন্থীক সংস্থাপন দিব প্ৰমোদ বড়োই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.