ETV Bharat / state

BJP slams AJP :লুৰীণজ্য়োতিক পুনৰ আন্দোলনত জড়িত হ'বলৈ আহ্বান চক্ৰধৰ গগৈৰ - কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী

ৰাজনীতি এৰি পুনৰ আন্দোলনত জড়িত হ'বলৈ লুৰীণজ্য়োতি গগৈক আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ । লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক চৰিত্ৰ নাই বুলি মন্তব্য় বিধায়ক চক্ৰধৰ গগৈৰ ।

Mla Chakradhar Gogoi react over Loksabha election
বিধায়ক চক্ৰধৰ গগৈ
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:08 PM IST

বিধায়ক চক্ৰধৰ গগৈ

মৰাণ, ১৪ অক্টোবৰ: সমাগত লোকসভা নিবাৰ্চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বৰ্তমানৰ বিজেপিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে পুনৰ প্ৰতিদ্বন্দিতা কৰাটো প্ৰায় নিশ্চিত হৈছে । আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিৰোধী ঐক্যৰ উমৈহতীয়া প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ কথা চৰ্চা হৈছে । এই চৰ্চা চলি থকাৰ মাজতে শাসক দলৰ মন্ত্ৰী-বিধায়কৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী । শনিবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে । ডিব্ৰুগড়ৰ এক অনুষ্ঠানত লোকসভা নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে তেওঁ ।

ডিব্ৰুগড়ৰ এক অনুষ্ঠানত লোকসভা নিৰ্বাচনক লৈ সাংবাদিকৰ সৈতে মুখামুখি হৈ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক ভৱিষ্যত নাই বুলি মন্তব্য় কৰে । বিধায়ক চক্ৰধৰ গগৈয়ে পুনৰ কয় যে লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক চৰিত্ৰ নাই । 'কা' আন্দোলন কৰি ৰাইজক আৱেগিক কৰি নিজেই ৰাজনৈতিক সুবিধা লোৱাৰ চেষ্টা কৰিলে ।

লগতে পঢ়ক:BJP criticized Congress; কংগ্ৰেছ হৈছে কেৱল ৰাইজক ঠগা পাৰ্টীহে : ৰামেশ্বৰ তেলী

ৰাজনীতি এৰি পুনৰ আন্দোলনত জড়িত হ'বলৈ লুৰীণজোতি গগৈক আহ্বান জনাইছে বিধায়ক চক্ৰধৰ গগৈয়ে । ডিব্ৰুগড়ত বিৰোধীৰ হৈ লোকসভাত প্ৰতিদ্বন্দিতা কৰিলেও জয় হোৱাৰ কোনো লক্ষণেই নাই বুলি তেওঁ মন্তব্য় কৰে । তেওঁ পুনৰ কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিত ৰামেশ্বৰ তেলীৰ লগত প্ৰতিদ্বন্দিতা কৰাটো লুৰীণজ্যোতি গগৈৰ বাবে সহজ নহ'ব । ধুবুৰীৰ পৰা শদিয়ালৈকে 'এক অসম যাত্ৰা' কেৱল বিজেপিক গালি পাৰিবৰ বাবে হে কৰিলে বুলি কটাক্ষ কৰি মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে কয়," কিন্তু আমি এটা পঞ্চায়তত এক অসম যাত্ৰাতকৈ অধিক মানুহক লগত লৈ অমৃত কলহ যাত্ৰা কৰিছো ।"

লগতে পঢ়ক:Hari mandir election-related controversy: মোক মাৰিবলৈ আহিলে মই বুকু পাতি নিদিও - অশোক শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.